বটদ্ৰবাৰ পৰা নিপন নাথৰ প্রতিবেদন :
অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী আৰু নগাঁও জিলা প্ৰশাসনৰ যুটীয়া উদ্যোগত দেওবাৰে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্রৱা থানত দিন জোৰা কাৰ্যসূচীৰে এক "আইন সেৱা শিৱিৰ" অনুষ্ঠিত হয়। য'ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞা। এই শিৱিৰত চৰকাৰী অাচনি সমূহৰ বিষয়ে অৱগত কৰে বিভিন্ন বিভাগৰ বিষয়া সকলে ।
উক্ত শিৱিৰতে হিতাধিকাৰী সকলৰ নাম পঞ্জীয়ন কৰাৰ লগতে একাংশ হিতাধিকাৰীক বিভিন্ন অাঁচনিৰ অধীনত পাবলগীয়া ধনো বিতৰণ কৰা হয় ।চৰকাৰী অাঁচনি সমূহ যেনে ৰেচন কাৰ্ড , বৃদ্ধ পেন্সন , বেংক একাউন্ট , খোৱা পানীৰ ব্যৱস্থা , জৱ কাৰ্ড , প্ৰধান মন্ত্ৰী অাৱাস যোজনা অাৰু বিশেষ ভাৱে সক্ষম লোকৰ অাঁচনি সমূহ সফল ৰূপায়ণৰ উদ্দেশ্যেই এই অাইন সেৱা শিৱিৰ অনুস্থিত কৰা হয় ।
- Log in to post comments
- 4 views