সোণাৰিৰ পৰা ঘন বৰা
অসম ফুটবল সন্থাৰ তত্বাৱধানত সদৌ অসম ফুটবল পৰিচালক কল্যাণ সন্থা আৰু চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল ৰেফাৰী কৰ্মশালা।যোৱা ১৮ চেপ্তেম্বৰৰপৰা ২১ চেপ্তেম্বৰলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ জিলাৰ সোণাৰি ৰাজহুৱা খেলপথাৰৰ লগতে ৰাজহুৱা প্ৰেক্ষাগৃহত এই কৰ্মশালা অনুষ্ঠিত হয়।কৰ্মশালাখনত ভাৰতীয় ফুটবল সন্থাৰ তৰফৰ পৰা কলকাতাৰ সুপ্ৰিয় ভট্টাচাৰ্য আৰু ভাৰতৰ হৈ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় খেল পৰিচালনা কৰা কেৰেলাৰ চাজি কুৰিয়েনে প্ৰশিক্ষক হিচাপে অংশ গ্ৰহণ কৰে।
চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই উদ্বোধন কৰা কৰ্মশালাখনত বিয়লি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ উপস্থিত থাকে। অসমৰ বিভিন্ন জিলাৰ শতাধিক ৰেফাৰীয়ে অংশ গ্ৰহণ কৰা কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত সদৌ অসম ফুটবল ৰেফাৰী কল্যাণ সন্থাৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। সভাত চৰাইদেউ জিলাৰ বিশিষ্ট ক্ৰীড়াবিদ প্ৰয়াত আলতাফ হুচেইন সোঁৱৰণী বঁটা অসমৰ শ্ৰেষ্ঠ উদীয়মান খেল পৰিচালক হিচাপে ডিব্ৰুগড়ৰ অসীম হাজৰিকাক আৰু শ্ৰেষ্ঠ পৰিচালিকা হিচাপে কাৰ্বি আলং জিলাৰ টিনা বসুমতাৰীক প্ৰদান কৰে।লগতে, চৰাইদেউ জিলাৰ ক্ৰীড়া সন্থাৰ সম্পাদক ইমদাদ হুচেইনলৈ কল্যাণ সমিতিয়ে জীৱন সাধনা বঁটা আগবঢ়াই।
- Log in to post comments
- 49 views