দেশজুৰি তীব্ৰ গতিত বৃদ্ধি পিয়াঁজৰ মূল্য:সমস্যাত গ্ৰাহক সমাজ

Onion

সমগ্ৰ দেশতে অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে পিয়াঁজৰ মূল্য।দিল্লীত এতিয়া খুচুৰা বজাৰত প্ৰতি কিল' পিয়াঁজ ৫০-৮০ টকা দৰত বিক্ৰী হৈছে।মুম্বাইত প্ৰতি কিল' পিয়াঁজ ৬০-৭০ টকা দৰত বিক্ৰী হৈছে।ইফালে,ৰাজস্থানৰ জয়পুৰত ৬০ টকা/প্ৰতি কিল',মধ্য প্ৰদেশৰ ৰতলামত ৬০টকা/প্ৰতি কিল',বিহাৰৰ পাটনাত ৬০টকা/প্ৰতি কিল' মূল্যত পিয়াঁজ খুচুৰা বজাৰত বিক্ৰী হ'বলৈ ধৰিছে।ইফালে,অসমতো বৰ্তমান পিয়াঁজ প্ৰতি কিল'গ্রামত ৫০ টকা মূল্যত বিক্ৰী হৈছে।এসপ্তাহমানৰ ভিতৰতে দেশজুৰি পিয়াঁজৰ মূল্য প্ৰতি কিল'ত ৩০ টকা পৰ্যন্ত বৃদ্ধি পাইছে।দেশৰ মহাৰাষ্ট্ৰকে ধৰি পিয়াঁজ উৎপাদনৰ বিভিন্ন এলেকাত প্ৰৱল বৰষুণৰ বাবে পিয়াঁজৰ ফচল ক্ষতিগ্ৰস্ত হোৱাৰ বাবেই এনেদৰে পিয়াঁজৰ মূল্যই আকাশ স্পৰ্শ কৰিছে বুলি মত প্ৰকাশ কৰা হৈছে।পিয়াঁজৰ ফচল যথেষ্ট কমকৈ বজাৰলৈ অহা বাবে মূল্য উৰ্ধমুখী হ'বলৈ ধৰিছে।এই বৰ্ধিত মূল্যই এতিয়া এতিয়া দেশৰ জনতাক যথেষ্ট সমস্যাত পেলাইছে।

Your Comments