আশা কৰা হৈছে যে এদিন পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ অধিকাৰ ক্ষেত্ৰলৈ আহিব-বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ

SJ

বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে মঙলবাৰে এখন সংবাদমেলত কয় যে পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ।ভাৰতে আশা কৰে যে পাক অধিকৃত কাশ্মীৰ এদিন দেশৰ অধিকাৰ ক্ষেত্ৰলৈ আহিব।ভাৰতে সদায়েই পাকিস্তান অধিকৃত কাশ্মীৰক ভাৰতৰ অংশ বুলি কৈ আহিছে বুলিও ডঃ জয়শংকৰে মন্তব্য কৰে।সাম্প্ৰতিক পৰিস্থিতিত পাকিস্তানৰে আলোচনা সম্ভৱ নহয় বুলিও বিদেশ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।তেওঁ কয়-পাকিস্তানে কথাহে কয়, বাস্তৱক্ষেত্ৰত একোকে নকৰে।

Your Comments