আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন:পুৱাই শুভেচ্ছা জনালে মমতা বেনাৰ্জীয়ে

mamata

নিউজ ডেস্ক:
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন।জন্মদিন উপলক্ষে দেশৰ শীৰ্ষ ৰাজনৈতিক নেতাসকলে প্ৰধানমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছে।বিজেপি অধ্যক্ষ তথা গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰীক টুইটযোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।আনহাতে,প্ৰধানমন্ত্ৰী মোডীৰ ঘোৰ ৰাজনৈতিক বিৰোধী হিচাপে পৰিচিত তৃণমূল কংগ্ৰেছ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও টুইটযোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে।ইফালে,জন্মদিনত গৃহৰাজ্য গুজৰাটত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।তেওঁ আজি পুৱা গুজৰাটৰ নৰ্মদা জিলাৰ কেৱৰিয়াৰ চৰ্দাৰ সৰোবৰ বান্ধ পৰ্যবেক্ষণ কৰে।

Your Comments