পাকিস্তানে সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰাটো বন্ধ কৰক,অন্যথা দেশখন খণ্ড-বিখণ্ড হ'ব--ৰাজনাথ সিং

Rajnath

নিউজ ডেস্ক:পাকিস্তানক কঠোৰ ভাষাৰে সকীয়াই দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।দেশৰ প্ৰতি কৰ্তব্য পালনত প্ৰাণ বিসৰ্জন দিয়া জোৱানৰ পৰিয়ালবৰ্গৰ ছুৰাটত অনুষ্ঠিত এখন সভাত ৰাজনাথ সিঙে কয় যে পাকিস্তানে সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰা বন্ধ কৰক।অন্যথা,দেশখন খণ্ড-বিখণ্ড হোৱাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিব।লগতে সিঙে কয় যে পাকিস্তানৰ মানুহ যদি নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰে,  তেনে পৰিস্থিতিৰ বাবে ভাৰতীয় সেনা সষ্টম হৈ আছে আৰু তেওঁলোকক উভতি যাবলৈ দিয়া নহ'ব।

Your Comments