প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে বিজেপিৰ 'সেৱা সপ্তাহ' আৰম্ভ

modi

নিউজ ডেস্ক:
প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অহা ১৭ ছেপ্টেম্বৰৰ জন্মদিন উপলক্ষে বিজেপিয়ে 'সেৱা সপ্তাহ'ৰ আয়োজন কৰিছে।'সেৱা সপ্তাহ'ৰ অন্তৰ্গত শনিবাৰে বিজেপি সভাপতি তথা গৃহমন্ত্ৰী অমিত শ্বাহ,কাৰ্যকৰী সভাপতি জে পি নাড্ডা আৰু অন্যান্য বিজেপি নেতাই দিল্লীৰ 'এইমছ'লৈ গৈ শিশু ৰোগীৰ মাজত ফল-মূল বিতৰণ কৰে।উল্লেখ্য যে সেৱা সপ্তাহৰ অন্তৰ্গত দেশৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰৰ আয়োজন কৰা হ'ব।লগতে,স্বচ্ছতা অভিযান,এবাৰেই ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা অভিযান আদি চলোৱা হ'ব।

Your Comments