শিৱসাগৰত এন ই লাইভ টুডেৰ বৰ্ষপূতি অনুষ্ঠান সম্পন্ন

sibsagar

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :

উত্তৰ পূৰ্বাঞ্চলৰ বহুভাষিক ৱেব মিডিয়া এন ই লাইভ টুডেৰ মঙ্গলবাৰে দিনযোৰা কাৰ্যসূচীৰে বৰ্ষপূতি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শিৱসাগৰ চহৰৰ মুক্তিনাথ চাৰিআলিৰ ঐক্যৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই বৰ্ষপূতি অনুষ্ঠানত পতাকা উত্তোলন কৰে এন ই লাইভ টুডেৰ মুখ্য সম্পাদক দীপেন ডেকাই। ইয়াৰ পিছতেই এন ই লাইভ টুডেৰ পৰিচালন সঞ্চালক ৰবিৰাম বড়োৱে অসমৰ প্ৰথমগৰাকী  ছহীদ সাংবাদিক কমলা শইকীয়াৰ প্ৰতিচ্ছবিত পুষ্পমাল্যৰে স্মৃতি তৰ্পন কৰে। 

মুকুল বাইলুং আৰু প্ৰশান্ত বৰগোহাঁয়ে আঁত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাঞ্জল পূজাৰীয়ে।  বৰ্ষপূতি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত  কৰা "সাম্প্ৰতিক সময়ত ডিজিটেল মিডিয়াৰ গুৰুত্ব" শীৰ্ষক আলোচনা চক্ৰখনি সঞ্চালন কৰে মিন্টু চাংমাইয়ে। উক্ত আলোচনা চক্ৰত মুখ্য বক্তা হিচাপে অংশ গ্ৰহণ কৰে দেৱীচৰণ বৰুৱা, ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বিশিষ্ট স্তম্ভ লেখক পদ্মলোচন নাথে। 

আলোচনা চক্ৰত মন্তব্য আগবঢ়ায় বিশিষ্ট নিবন্ধকাৰ চামচুল বাৰিক, কবি সাহিত্যিক পাৰ্থপ্ৰদীপ বড়া, বিশিষ্ট অধিবক্তা সঞ্জীৱ বৰাই। 

অনুষ্ঠানত নাৰায়ণকান্তি সংগীত চৰ্চা কেন্দ্ৰৰ শিশুসকলে সমবেত সংগীৰ পৰিবেশন কৰাৰ লগতে অনুপ কুমাৰ বৰুৱাই কমলা শইকীয়াৰ স্মৃতিত স্বৰচিত কবিতা পাঠ কৰে । উপাসনা শৰ্মা আৰু অশ্ৰুমণি দত্ত ঘোষে কবিতা পাঠ, কল্পনা গোহাঁয়ে গীত আৰু চিমা হাজৰিকাই নৃত্য প্ৰদৰ্শন কৰে। 
বছৰটোত পাৰদৰ্শিতা দেখুওৱা এনই লাইভ টুডেৰ কেইবাগৰাকী সাংবাদিকক বঁটা প্ৰদান কৰাৰ লগতে অনলাইন যোগে অনুষ্ঠিত হোৱা এন ই ডান্সিং, ষ্টাৰ ২০১৯ ৰ ছয় গৰাকী বিজয়ীক বঁটা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানতে শিৱসাগৰ জিলাৰ শিক্ষক ব্ৰজেন দাসক সম্বৰ্দ্ধনা জনোৱা হয়।

Your Comments