দিকৰাইত ৪-৩ গলত জয়ী মহালক্ষী ফুটবল দল : পৰিচালকৰ বিৰুদ্ধে বিসংগতিৰ অভিযোগ

sport

 জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা : 

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত দিকৰাই চাহ বাগিচাস্থিত গেলা হাটিঙা খেলপথাৰত যুৱক ক্লাৱৰ উদ্যোগত অনুষ্ঠিত কৰা ফুটবল খেলখনত বালিজুৰি মহালক্ষী ফুটবল দলে ৪-৩ গলৰ ব্যৱধানত টৌভঙা ফুটবল দলক পৰাস্ত কৰে । উক্ত জয়ী হোৱা ফুটবল দলটো ফাইনেলত প্ৰৱেশ কৰে যদিও দেওবাৰৰ খেলখনত পৰিচালকৰ কিছু বিসংগতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। উক্ত খেলখন পৰিচালনা কৰা পৰিচালকৰ হাতত কোনো ধৰণৰ ৰেড কাৰ্ড, ইয়েল্লো কাৰ্ড নথকাত প্ৰতিক্ৰিয়াৰো সৃষ্টি হয়।খেলখনত একাংশ খেলুৱৈয়ে খেলখন চলি থকা অৱস্থাতে পৰিচালক গৰাকীৰ লগত তৰ্ক বিতৰ্কিত লিপ্ত হোৱাও দেখা যায়। ইফালে দেওবাৰৰ চেমি ফাইনেল খেলখনত সম্পুৰ্ণৰূপে নিয়ম ভংগ কৰি বালিজুৰি মহালক্ষী ফুটবল দলক ফাইনেলত প্ৰৱেশ কৰোৱা বুলিও বিপক্ষৰ দলটোৱে অভিযোগ উত্থাপন কৰে। এনে পৰিস্থিতিত বিপক্ষৰ টৌভঙা ফুটবল দলটোৰ খৈলুৱৈসকলৰ মন ভাগি যোৱাৰ লগতে উদ্যোক্তাসকলক তীব্ৰ ভাষাৰে গৰিহণাও দিছে ।

Your Comments