দিকৰাইত ৪-৩ গলত জয়ী মহালক্ষী ফুটবল দল:ৰেফাৰীৰ খেল পৰিচালনাত বিসংগতিৰ অভিযোগ

football

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত দিকৰাই চাহ বাগিচাস্থিত গেলা হাটিঙা খেলপথাৰত যুৱক ক্লাবৰ উদ্যোগত অনুষ্ঠিত  ফুটবল খেলখনত বালিজুৰি মহালক্ষী ফুটবল দলে ৪-৩ গলৰ ব্যৱধানত টৌভঙা ফুটবল দলক পৰাস্ত কৰে।উক্ত জয়ী হোৱা দলটো ফাইনেলত প্ৰৱেশ কৰে যদিও আজিৰ খেলখনৰ পৰিচালনাত কিছু বিসংগতি হোৱা পৰিলক্ষিত হ'ল ।খেলখনত ৰেফাৰীৰ হাতত কোনো ধৰণৰ ৰেড কাৰ্ড, য়েল্লো কাৰ্ড নাছিল। বালিজুৰি মহালক্ষী ফুটবল দলটোৰ খেলুৱৈসকলে খেলখন চলি থকা অৱস্থাতে পৰিচালকগৰাকীক গালি-ধমকি দিয়া পৰিলক্ষিত হয়।ছেমি ফাইনেল খেলখনত সম্পূৰ্ণৰূপে নিয়ম ভংগ কৰি বালিজুৰি মহালক্ষী ফুটবল দলক ফাইনেলত প্ৰৱেশ কৰোৱাৰ অভিযোগ উঠে।এনে ভুল সিন্ধান্ত উদ্যোক্তাসকলে গ্ৰহণ কৰাৰ বাবে টৌভঙা ফুটবল দলটোৰ খেলুৱৈসকলৰ মন ভাগি যোৱাৰ লগতে উদ্যোক্তাসকলক তীব্ৰ ভাষাৰে গৰিহণা দিছে ।

Your Comments