প্ৰসিদ্ধ অধিবক্তা ৰাম জেঠমালানীৰ বিয়োগ

ramjethmalini

নিউজ ডেস্ক:
দেওবাৰে পুৱা পৰলোকপ্ৰাপ্তি ঘটে ভাৰতৰ প্ৰসিদ্ধ অধিবক্তা,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা আৰজেডিৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰাম জেঠমালানীৰ।৯৫ বছৰ বয়সত দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত অধিবক্তাগৰাকীৰ বিয়োগ ঘটে।জেঠমালানীৰ বিয়োগত দেশৰ আইনী ক্ষেত্ৰৰ এটা যুগৰ অন্ত পৰিল।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম জেঠমালানীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কয় যে মনৰ কথা ভয় নকৰাকৈ প্ৰকাশ কৰাটো জেঠমালানীৰ এটা সুগুণ আছিল।

Your Comments