পৰৱৰ্তী প্ৰয়াসত আমি নিশ্চিতভাৱে সফল হ'ম,ইছৰ'  হাৰ মানি লোৱা সংস্থা নহয়-প্ৰধানমন্ত্ৰী মোডী

isro

নিউজ ডেস্ক:

আমি নিশ্চিতভাৱে সফল হ'ম।এই অভিযানৰ পৰৱৰ্তী প্ৰয়াসত আৰু তাৰ পিছৰ প্ৰয়াসসমূহত আমি সফলতাক স্পর্শ কৰিম।'চন্দ্ৰযান-২' অভিযানৰ লক্ষ্য পূৰণ নোহোৱাৰ পৰৱৰ্তী সময়ত ইছৰ'ৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইদৰে বিমৰ্ষ হৈ পৰা মহাকাশ বিজ্ঞানীসকল আৰু দেশবাসীক উৎসাহিত কৰে।প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে চন্দ্ৰযান-২ৰ যাত্ৰা অপূৰ্ব আছিল আৰু দেশে বিজ্ঞানীসকলক লৈ আমি গৌৰৱ কৰে।

মোডীয়ে উল্লেখ কৰে যে ইছৰ' কেতিয়াও হাৰ মানি লোৱা সংস্থা নহয়;ইছৰ'ৰ বিজ্ঞানীসকলৰ বাবেই মঙল অভিযান সফল হৈছিল,চন্দ্ৰত পানী থকাৰ তথ্য এই বিজ্ঞানীসকলেই বিশ্ববাসীক অৱগত কৰিছিল।এই বিঘিনিয়ে লক্ষ্যত উপনীত হোৱাৰ ইচ্ছাশক্তি অধিক মজবুত কৰিবহে বুলি প্ৰধানমন্ত্ৰীয়ে ভাষণত মন্তব্য কৰে।'ভাৰত মাতা কি জয়' বুলি কৈ ভাষণ আৰম্ভ কৰা প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰে যে ইছৰ'ৰ বিজ্ঞানীসকলে মা ভাৰতীৰ বাবে যুঁজে,মা ভাৰতীৰ শিৰ উচ্চ কৰি ৰখাৰ বাবে নিজৰ সমগ্র জীৱন উৎসৰ্গা কৰে।

Your Comments