তুৰস্কৰ পৰা গুৱাহাটীলৈ আহি হেকাৰ বাহিনীৰ এটিএম লুট:মুম্বাইত আৰক্ষীৰ জালত দুই বিদেশী

hack1

নিউজ ডেস্ক:
অসম আৰক্ষীয়ে মুম্বাই আৰক্ষীৰ সহযোগত লাভ কৰিছে বিশেষ সফলতা।গুৱাহাটী মহানগৰীৰ এটিএমত হেকাৰ মেচিন সংযোজন কৰা হেকাৰ চক্ৰৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী।গ্ৰেপ্তাৰ কৰা হেকাৰ দুটাৰ নাম ক্ৰমে ঈদগী ইমৰাহ আৰু আব্দুল হালেক।অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই মুম্বাই আৰক্ষীৰ সহযোগত মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰা দুয়োটা অভিযুক্ত বিদেশী।পৰ্যটক হিচাপে ভাৰতলৈ অহা গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দুটা হৈছে তুৰস্কৰ।এই কথা শুকুৰবাৰে জানিবলৈ দিছে মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে।
আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দুয়োটাই নিজে আহি গুৱাহাটী মহানগৰীৰ বেলতলা, লাষ্টগেট, লাচিত নগৰৰ ষ্টেট বেংকৰ এটিএম আৰু হাতীগাঁও ইউনিয়ন বেংকৰ এটিএমত সংযোজন কৰিছিল গোপন কেমেৰা। এই কথা ইতিমধ্যে আৰক্ষীৰ আগত প্ৰকাশ কৰা বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে।

hack

উল্লেখ্য যে এই চাৰিটা এটিএমত গোপন কেমেৰা সংযোজন কৰাৰ কথা পোহৰলৈ অহাৰ পিছতে মহানগৰ আৰক্ষীয়ে বিভিন্ন উৎসৰ জড়িয়তে অভিযুক্তক চিনাক্তকৰণ কৰিছিল। তাৰ পিছতে উক্ত হেকাৰ চক্ৰই মুম্বাইত টকা উলিওৱা তথ্য লাভ কৰিছিল।পৰৱৰ্তী সময়ত স্থান চিনাক্তকৰণৰ জড়িয়তে তেওঁলোক মুম্বাইতে বৰ্তমানো বাহৰ পাতি থকা বুলি তথ্য লাভ কৰিছিল। 
সেই তথ্য লাভ কৰাৰ পিছতে মুম্বাইৰ অপৰাধ অনুসন্ধান শাখাৰ ডিচিপিৰ সৈতে মহানগৰ আৰক্ষী আৰু অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই যোগাযোগ কৰি মুম্বাইৰ পৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।এই কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে।
কুমাৰে লগতে প্ৰকাশ কৰা অনুসৰি গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তক সোধপোচ আৰু তালাচী কৰাত অভিযুক্ত দুটাৰ পৰা ১০টা ব্লেংক এটিএম আৰু লেপটপ মুম্বাই আৰক্ষীৰ সহযোগত জব্দ কৰা হৈছে। 
গ্ৰেপ্তাৰ কৰা দুয়োটা অভিযুক্ত পৰ্যটক হিচাপে ভাৰতলৈ আহিছিল।সেই সন্দৰ্ভত সকলো পৰীক্ষা কৰি থকা বুলি জানিবলৈ দিয়ে।এই হেকাৰ চক্ৰত এটা বৃহৎ চক্ৰ জড়িত থকা বুলি আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। 
ইফালে,গুৰুত্বপূৰ্ণ কথা এই যে বৰ্তমান সময়লৈকে গুৱাহাটীৰ মহানগৰীত এই হেকাৰ চক্ৰৰ বিৰুদ্ধে ৪৬টাকৈ গোচৰ ৰুজু হৈছে।এই পৰ্যন্ত হেকাৰ চক্ৰটোৱে ১৬ লাখ ৮৫ হাজাৰ টকা মুম্বাইত উলিওৱা বুলি উল্লেখ কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে। 
আনহাতে,গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত হেকাৰক অতি সোনকালে অসমলৈ অনা হ'ব বুলি প্ৰকাশ কৰিছে আয়ুক্ত দীপক কুমাৰে।

Your Comments