বঙাইগাঁৱৰ প্ৰতিবেদক
সমগ্ৰ ৰাজ্যৰ লগতে আজি বঙাইগাঁৱতো এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হয় ৷ জিলাখনৰ মুঠ ৫৩ টা এনআৰচি সেৱা কেন্দ্ৰৰ জৰিয়তে পুৱা ১০ বজাত এই চূড়ান্ত তালিকা জনসাধাৰণৰ প্ৰদৰ্শনৰ বাবে প্ৰকাশ কৰা হয়।এনআৰচি প্ৰকাশৰ পিচত বঙাইগাঁৱৰ লগতে জিলাখনৰ পৰিৱেশ শান্তিপূৰ্ণ আছিল ৷ ইফালে,প্ৰশাসনৰ তৰফৰ পৰা এনআৰচি সেৱাকেন্দ্ৰসমূহত নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ লগতে সমগ্ৰ জিলাখনত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে ৷ উল্লেখ্য যে এনআৰচিৰ সেৱাকেন্দ্ৰসমূহত তালিকা প্ৰকাশ কৰা হ'ল যদিও জনসাধাৰণে ভিৰ কৰা পৰিলক্ষিত নহ'ল ৷ ইফালে, জিলা উপায়ুক্ত আদিল খানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে জিলাখনৰ ৫৩ টা এনআৰচি সেৱা কেন্দ্ৰত শনিবাৰে পুৱা দহ বজাত চূড়ান্ত এনআৰচিৰ সংযোজনী অন্তৰ্ভুক্তিৰ তালিকা ৰাইজৰ প্ৰদৰ্শনৰ বাবে প্ৰকাশ কৰা হয় ৷ তালিকাসমূহ গাঁও অনুসৰি প্ৰকাশ কৰা হৈছে ৷ ৰাইজে অনলাইন যোগেও এনআৰচিৰ সংযোজনী অন্তৰ্ভুক্তি আৰু বাদ পৰা তালিকা চাব পাৰিব বুলিও কয়৷তেওঁ জিলাখনত এনআৰচি প্ৰকাশৰ পিচত পৰিৱেশ শান্তিপূৰ্ণ বুলি প্ৰকাশ কৰি কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহ'ব বুলিও আশা প্ৰকাশ কৰে ৷ উল্লেখ্য যে কিছুমানৰ নাম এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা বুলি জানিব পৰা গৈছে ৷ কিন্তু কিহৰ বাবে বাদ পৰিছে সেয়া পিচত কাৰণ জনাৰ বাবে আবেদন কৰিলেহে স্পষ্ট হ'ব ৷
ইপিনে আজি প্ৰকাশিত এনআৰচিৰ চূড়ান্ত তালিকাত বঙাইগাঁও জিলাৰ দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিৰ এআইইউডিএফ দলৰ বিধায়ক অনন্ত কুমাৰ মালো আৰু তেওঁৰ পুত্ৰ অমৰ মালোৰ নাম বাদ পৰা বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে এনআৰচি প্ৰস্তুতিৰ ক্ষেত্ৰত বিসংগতি হৈছে ৷ কাৰণ মোৰ ভাই - ভতিজাৰ নাম আহিছে ৷ কিন্তু মোৰ আৰু পুত্ৰৰ নাম নাহিল ৷ অথচ একেই নথি- পত্ৰ জমা দিয়া হৈছে ৷ মোৰ দেউতাৰ নথি- পত্ৰ জমা দিয়া হৈছে ৷ নথি - পত্ৰৰ কোনো বিসংগতি নাই বুলিও কয় ৷ তেওঁ এই বিষয়টো অসমৰ মুখ্যমন্ত্ৰী আৰু জিলা উপায়ুক্তক জনাব বুলিও কয় ৷ লগতে তেওঁ কয় যে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে কৈয়ে আছে যে ভয় খাব নালাগে, শংকিত হ'ব নালাগে ৷ ভাৰতীয় মানুহৰ নাম বাদ নপৰে আৰু তাৰ বাবে বিধান- ব্যৱস্থা আছে ৷ তদুপৰি, কেৱল মোৰেতো নাম বাদ পৰা নাই ৷ প্ৰায় বিশ লাখ মানুহৰ নাম বাদ পৰিছে ৷ কেৱল মোৰে নাম বাদ পৰিলে ক'লোহেতেন যে যি হয় হ'ব ৷ কিন্তু বহু লোকৰ নাম বাদ পৰিছে ৷
- Log in to post comments
- 11 views