প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিলে 'ফিট ইণ্ডিয়া মুভমেন্ট':দেশৰ নাগৰিকক সুস্থ-সবল শৰীৰৰ অধিকাৰী হোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ লক্ষ্য

fit

আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আৰম্ভ কৰে 'ফিট ইণ্ডিয়া মুভমেন্ট'।ভাৰতীয় নাগৰিকসকলক নিয়মিত শাৰীৰিক অনুশীলনৰ জৰিয়তে সুস্থ-সবল শৰীৰৰ অধিকাৰী হোৱাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যেৰে আজিৰে পৰা এই আন্দোলন আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।এই আন্দোলনক জিলা পৰ্যায়ৰ বিদ্যালয়, মহাবিদ্যালয়লৈ লৈ যোৱা হ'ব,য'ত বিদ্যাৰ্থীসকলক শৰীৰ সুস্থ-সবল ৰখাৰ বিভিন্ন উপায়ৰ বিষয়ে অৱগত কৰোৱা হ'ব।


বিভিন্ন খেলত অংশগ্ৰহণ কৰি কেনেকৈ ফিট হৈ থাকিব পাৰে,সেই বিষয়েও দেশৰ নাগৰিকসকললৈ বাৰ্তা প্ৰেৰণ কৰা হ'ব।ক্ৰীড়া মন্ত্ৰণালয়,মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়,গ্ৰামীণ বিকাশ মন্ত্ৰণালয় আদি মন্ত্ৰণালয়সমূহে 'ফিট ইণ্ডিয়া মুভিমেণ্ট'ক আগবঢ়াই নিব।উল্লেখ্য যে হকীৰ যাদুকৰ মেজৰ ধ্যান চান্দৰ জন্মদিনত ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়।

Your Comments