মোডী চৰকাৰৰ দুৰ্নীতিবিৰোধী অভিযান:দুৰ্নীতিত অভিযুক্ত বিভিন্ন কেন্দ্ৰীয় বিভাগৰ ৪৯ গৰাকী বিষয়াক আঁতৰালে চাকৰিৰ পৰা

modi

নৰেন্দ্ৰ মোডী চৰকাৰ ২.০ত চৰকাৰী বিভাগৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ দূৰ কৰিবলৈ অভিযান অব্যাহত আছে।দুৰ্নীতিত অভিযুক্ত চৰকাৰী বিষয়াক সংশ্লিষ্ট বিভাগৰ পৰা আঁতৰোৱা প্ৰক্ৰিয়া চলাই থকা হৈছে।শেহতীয়াকৈ কেন্দ্ৰীয় অপ্ৰত্যক্ষ কৰ আৰু সীমা শুক্ল ব'ৰ্ডৰ ২২ গৰাকী বিষয়াক বলপূৰ্বকভাৱে অৱসৰ দিয়া হৈছে।এই বিষয়াকেইজন ছুপাৰিটেন্ডেন্ট আৰু এঅ' শ্ৰেণীৰ।ইয়াৰ পূৰ্বেও উক্ত বিভাগটোৰ ১৫ জন বিষয়াক দুৰ্নীতিৰ অভিযোগত বলপূৰ্বক অৱসৰ দিয়া হৈছিল।

আনহাতে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিভাগটোৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই কৰ বিভাগৰ
১২ গৰাকী জ্যেষ্ঠ বিষয়াক বলপূৰ্বকভাৱে অৱসৰ দিছিল।

Your Comments