নিউজ ডেস্ক :
এতিয়াৰে পৰা এছ পিজি নিৰাপত্তাৰ ব্যৱস্থা নাথাকিব দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ লগত। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ লগত থকা এছপিজি নিৰাপত্তা ব্যৱস্থা কৰ্তন কৰাৰ কথা ইতিমধ্যে এক পত্ৰ প্ৰেৰণ কৰি অৱগত কৰিছে।
ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ এছপিজি নিৰাপত্তাৰ ব্যৱস্থাৰ কৰ্তন কৰাৰ পাছত এতিয়াৰ পৰা তেওঁৰ লগত থাকিব z+ নিৰাপত্তা ব্যৱস্থা। এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে।
উল্লেখ্য যে এই যে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ পৰা এছপিজি নিৰাপত্তাৰ ব্যৱস্থাৰ কৰ্তন কৰাৰ পাছত এতিয়া কেৱল দেশৰ চাৰি গৰাকী ব্যক্তিৰ লগতহে থাকিব এই এছ পি জি নিৰাপত্তা ব্যৱস্থা।সেই অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ছোনিয় গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰহে থাকিব এই সুৰক্ষা ব্যৱস্থা।
- Log in to post comments
- 30 views