পঞ্চভূতত বিলীন হ'ল বিজেপিৰ জ্যেষ্ঠ নেতা অৰুণ জেটলী

arun

নিউজ ডেস্ক:

পঞ্চভূতত বিলীন হ'ল বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলী।দেওবাৰে দুপৰীয়া দিল্লীৰ যমুনা নদীৰ পাৰৰ নিগমবোধ ঘাটত জেটলীৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হয়।এক শোকাকুল পৰিৱেশত সম্পন্ন হোৱা অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন,বিজেপিৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ জে পি নাড্ডা,কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া তথা বিভিন্ন দলৰ নেতৃবৰ্গ উপস্থিত থাকে।অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত বিজেপি সদস্যসকলৰ 'জেটলী জী অমৰ ৰহে' ধ্বনিৰে আকাশ-বতাহ মুখৰিত হৈ পৰে।

Your Comments