বৰভাগৰ উলাবড়ীত নাওখেলৰ মহাৰজত জয়ন্তীৰ মুকলি অধিবেশনত মুখ্যমন্ত্ৰী

boat

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

আমাৰ ছয় হেজাৰ বছৰীয়া সভ্যতা-সংস্কৃতিৰ বাবে আজি বৰ গুৰুত্বপূৰ্ণ দিন৷ নদীৰ দাঁতিত মানৱ সভ্যতা সৃষ্টি হৈছিল৷ আমি মানৱীয় প্ৰমূল্যবোধক জীয়াই ৰাখিবলৈ হলে নাওখেলৰ মহত্ত্ব বুজিব লাগিব৷ পানীৰ অবিহনে পৃথিবীৰ বুকুত কোনো জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে পানী সকলো শক্তিৰ উৎস৷ পানী হৈছে ইশ্বৰে মানৱ সমাজক প্ৰদান কৰা আটাইতকৈ ডাঙৰ প্ৰসাদ৷ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালৰ৷ আজি নলবাৰী জিলাৰ বৰভাগৰ উলাবড়ীৰ হিতসাধিনী পুথিভৰাঁলৰ সৌজন্যত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নাওখেল প্ৰতিযোগিতাৰ মহাৰজত জয়ন্তী উদযাপনৰ মুকলি সভাত উপস্থিত হৈ তেওঁ আৰু কয় যে-নাওখেলৰ পৰা নতুন প্ৰজন্মই যি শিক্ষা আয়ত্ত কৰিব পাৰিছে সেই শিক্ষাৰ দ্বাৰা নদীক সংৰক্ষণ কৰিব লাগিব, জলবায়ু সংৰক্ষণ কৰিব লাগিব,  বায়ুমণ্ডল পৰিশোধন কৰি ৰাখিব লাগিব৷ নদীৰ দুয়ো দাঁতিৰ সভ্যতা-সংস্কৃতি ৰক্ষা কৰিব লাগিব৷ স্থানীয় বিধায়ক তথা মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি নাৰায়ণ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত তেওঁ আৰু কয়- মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ১২১ খন উপনদী বৰাক আৰু ইয়াৰ ১১ খন উপনদী ঈশ্বৰে বৃহত্তৰ অসমীয়া সমাজৰ বাবে আগবঢ়োৱা ডাঙৰ উপহাৰ৷ উক্ত সভাত তেওঁ কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে কটাক্ষ কৰি কয় যে- কংগ্ৰেছৰ শাসনকালত সকলো দিশতে অপৰিস্কাৰ হিচাপে চিহ্নিত হৈছিল৷ নৰেন্দ্ৰ মোদীয়ে সংস্কাৰ কৰি সকলো শ্ৰেণীৰ লোককে সন্মান সহকাৰে বসবাস কৰিবলৈ সুবিধা কৰি দিছে৷ মুকলি সভাখনত দিপুল বৈশ্যৰ সম্পাদনাত প্ৰকাশ পোৱা আটকধুনীয়া স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে৷ ইয়াৰ উপৰি সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, জনসিঞ্চন আৰু ৰাজহ বিভাগৰ মন্ত্ৰী ভবেশ কলিতা,  খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কলিতা ৷ সভাত অসম উদ্যোগিক নিগমৰ উপাধ্যক্ষ নিতুমনি দাস,  নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ সঞ্চালক গণেশ তামুলি আদি উপস্থিত থাকে৷ সন্ধিয়াৰ ভাগত কৃষ্ণ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। লগতে নিশা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে গীত পৰিবেশন কৰে।

Your Comments