বৰভাগৰ উলাবড়ীত নাওখেলৰ মহা ৰজতজয়ন্তী আৰম্ভ

boat

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

"পুৰণা দিনৰ পৰা অসমত নাওৰ পৰম্পৰা চলি আহিছে৷ নাওখেল প্ৰতিযোগিতাই হিন্দু-মুছলমানৰ এনাজৰী সুদৃঢ় কৰি ৰাখিছে৷ নাও বিভিন্ন প্ৰকাৰৰ৷ চৈ-তৰা নাও,  হোলোং নাও,  খেল নাও আদি৷ নাও যাতায়াতৰ ব্যৱস্থা,  উৎপাদন আহিলা আদি কামৰ বাবে অসমীয়া জাতীয় জীৱনৰ ওপৰত নাওৰ প্ৰভাৱ আজিও গুৰুত্বপূৰ্ণ হৈ আছে"৷ এই মন্তব্য নলবাৰী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ মূৰব্বী অধ্যাপক ড° মনি শৰ্মা শাস্ত্ৰীৰ৷ আজি নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত উলাবড়ী গাঁৱত শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে "হিতসাধিনী পুথিভৰাঁল" উলাবড়ীয়ে অনুষ্ঠিত কৰি অহা নাওখেল প্ৰতিযোগিতাৰ ৭৫ টা বসন্তৰ সোণালী দিনৰ স্মৃতি অতিক্ৰম কৰি আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা নাওখেল প্ৰতিযোগিতাৰ মহা ৰজতজয়ন্তীৰ বিয়লি অনুষ্ঠিত "নাওখেল সংস্কৃতিৰ ওপৰত আলোচনা চক্ৰ"ত অংশগ্ৰহণ কৰি এইদৰে কয় ড° শৰ্মা শাস্ত্ৰীয়ে৷ বজালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ড° ধীৰেন্দ্ৰ নাথ মহন্তৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰ উদ্বোধন কৰি নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দীপক কুমাৰ শৰ্মাই প্ৰাক স্বাধীনতা যুগৰে পৰা হিতসাধিনী পুথিভঁৰালে বহু ঐতিহ্যপূৰ্ণ দিশ বহন কৰি আহিছে বুলি কয়৷ সভাত বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকায়ো আলোচক হিচাপে উপস্থিত থাকি ভাষণ দিয়ে৷

ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগত নাওখেলৰ পতাকা উত্তোলন কৰে মহা ৰজতজয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক নাৰায়ণ ডেকাই৷ ৭৫ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা মহা ৰজতজয়ন্তীৰ পতাকা উত্তোলন,  গছপুলি ৰোপণসাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই৷ বিয়লি ৫ বজাত বিশিষ্ট ব্যক্তি, কৃতী ছাত্ৰ-ছাত্ৰী,  জ্যেষ্ঠ নাগৰিক তথা বহুকেইগৰাকী শিল্পীক সম্বৰ্ধনা আৰু সন্ধিয়া ৬ বজাত অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক সভা৷ কাৰ্যসূচী অনুসৰি কাইলৈ পুৱা ৭ বজাত চাফাই অভিযান, ৮ বজাত নাও মালিকৰ নাম পঞ্জীয়ণ, ১১ বজাত নাওখেল প্ৰতিযোগিতা আৰম্ভ হ’ব৷ প্ৰতিযোগিতা উদ্বোধন কৰিব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে৷ বিয়লি ৩ বজাত বিধায়ক নাৰায়ণ ডেকাৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত মূখ্য অতিথি সৰ্বানন্দ সোণোৱাল আৰু সন্মানীয় অতিথি হিচাপে অসমৰ বিত্ত,  স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব৷ সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰিব খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কলিতা,  পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই৷ ইয়াত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা,  জলসিঞ্চন আৰু ৰাজহ বিভাগৰ মন্ত্ৰী ভবেশ কলিতা, বিধায়ক অশোক শৰ্মা আৰু নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতাল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ অধ্যক্ষ গণেশ তামুলী৷ আবেলি ৫ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে৷ ৭ বজাত মঞ্চ উদ্বোধন কৰিব গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা প্ৰহ্লাদ কাকতিয়ে৷ ইয়াৰ পাছতে কৃষ্ণ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ নিশা ৯-৩০ বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী কুশল কুমাৰ তালুকদাৰে৷ নিশা ১০ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী মুকুল শৰ্মাই৷ সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে সংগীত পৰিবেশন কৰিব৷

Your Comments