বঙাইগাঁৱৰ প্ৰতিবেদক
সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সভা আজি সংগঠনটোৰ বঙাইগাঁও চহৰৰ চিলাৰায় বজাৰস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়৷ পুৱা ১১ বজাত অনুষ্ঠিত উক্ত কাৰ্যনিৰ্বাহক সভাত কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত চলি থকা আন্দোলন অধিক তীব্ৰতৰ কৰাৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সেইদৰে সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীয়ে কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত জনমতক আৰু অধিক সবল কৰাৰ বাবে বিভিন্ন ব্যক্তিৰ লগত মত বিনিময় আৰু প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰি এই কাৰ্যসূচী ২৫ আগষ্টত ধুবুৰী জিলাৰ পৰা আৰম্ভ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে৷ আনহাতে, অহা ১০ চেপ্তেম্বৰত উত্তৰ শালমাৰাত কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী সন্দৰ্ভত কৰ্মশালা অনুষ্ঠিত কৰাৰ লগতে ২৪ চেপ্তেম্বৰত কমতাপুৰ ৰাজ্য পুনৰগঠন আৰু জনজাতিকৰণৰ দাবীত গুৱাহাটীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি সংগঠনটোৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে৷ বিবৃতিটোত নেতাদ্বয়ে কয় যে কমতাপুৰ ৰাজ্যৰ দাবী ন্যায়সংগত আৰু বাস্তৱ ৷ এই দাবী সফল হ’বই ৷ সেয়ে কমতাপুৰৰ ভূমিত বড়োলেণ্ড বা বড়ো কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন হ’বলৈ দিয়া নহ’'ব বুলি পুনৰ হুংকাৰ দিছে সংগঠনটোৱে৷
- Log in to post comments
- 11 views