ব্যস্ত আশীৰ্বাদ থিয়েটাৰৰ আখৰা গৃহ : "ধুৰন্ধৰ ৰোমিও"ৰ আখৰা চাই আপ্লুত দৰ্শক

arnab

বিশেষ প্রতিবেদন :

অসমৰ আগশাৰীৰ নাট্য দল আশীৰ্বাদ থিয়েটাৰৰ ৰঙিয়াস্থিত আখৰা গৃহত আগন্তুক বৰ্ষৰ বাবে এতিয়া পূৰ্ণোদ্যমে চলিছে নাটৰ আখৰা।এই আখৰা চাবলৈ ওচৰ চুবুৰীয়া ৰাইজৰ লগতে দূৰণিবটিয়া অঞ্চলৰ একাংশ নাট্য প্ৰেমী লোকো আখৰা গৃহটোত ভিৰ কৰা পৰিলক্ষিত হৈছে। নাট্যদলটিত এইবাৰ  অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে অভিনেতা দিব্যজ্যোতি দাস, বিকি কাশ্যপ, তাৰক দাস,কৌতুক অভিনেতা নাজিমূল ইছলাম,মহি বৰা, নিলোৎপল বৰা,অভিনেত্ৰী ভায়লিনা বৰুৱা, মৌচুমী লস্কৰ, কল্পনা শৰ্মা আদিৰ লগতে সংগীতৰ বাবে চন্দন শৰ্মা আদিয়ে চুক্তিবদ্ধ হোৱা বুলি জানিব পৰা গৈছে।

arnab2 নাট্যদলটিৰ হৈ এইবাৰ কণ্ঠদান কৰিছে জনপ্ৰিয় শিল্পী দীক্ষু ,বাবু আৰু দীপলিনাই । নাট্যদলটিৰ এইবাৰৰ অন্যতম ব্যয়বহুল আকৰ্ষণীয় নাট খনি হৈছে  নাট্যকাৰ ৰঞ্জিত দত্তৰ " শিয়ালী নাহিবী ৰাতি " নামৰ নাটকখন।আজি তপন পাঠকৰ "ধুৰন্ধৰ ৰোমিও" নামৰ নাটখনৰ আখৰা চলি থকা সময়তে আখৰা গৃহত উপস্হিত হৈ নাট্য দলটোৰ প্ৰস্তুতিৰ খা-খবৰ লয় ৰঙিয়াৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত কেইগৰাকীমান উদ্যমী  লোকৰ দ্বাৰা গঠিত এক সজাতি দলে।যুৱ নেতা অৰ্ণৱ ভৰালী ,ৰঙিয়াৰ বিশিষ্ঠ নাট্যকৰ্মী কিশোৰ কলিতা,সমাজকৰ্মী জ্যোতিৰ্ময় কলিতা আৰু নিৰোদ কাকতিৰ নেতৃত্বত যোৱা উক্ত সজাতি দলটোৱে নাট্য দলটোৰ  অভিনেতা অভিনেত্ৰী সকলৰ লগতে প্ৰযোজক-পৰিচালক সহ সমূহ কৰ্মকতাক আগন্তুক বৰ্ষত সফলতাৰে নাট মঞ্চায়নৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে উৎসাহো যোগায়।

arnab3ইফালে সজাতি দলটোৰ সদস্য সকলে "ধুৰন্ধৰ ৰোমিও" নাট খনৰ আখৰা বহু সময় ধৰি প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰা বুলিও জানিব পৰা গৈছে।

Your Comments