ঐতিহাসিক কমতাপুৰ অঞ্চলত পৃথক ৰাজ্য গঠনৰ কোনো যুক্তিযুক্তা নাই - কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী 

bgn

বঙাইগাঁওঃ 

মিছা আস্ফালন,কটু মন্তব্য, ইতিহাস বিকৃতকৰণ যিমানেই যি ষড়যন্ত্ৰ কৰা নহওক কিয় ঐতিহাসিক কমতাপুৰ অঞ্চলত কোনো পৰিস্থিতিতেই পৃথক বড়োলেণ্ড বা বড়ো কেন্দ্ৰীয় শাসিত ৰাজ্য গঠনৰ যুক্তিযুক্ততা নাই ৷ এনে অযুক্তিকৰ কাম কমতাপুৰৰ ভূমিত হবলৈ দিয়া নহ'ব ৷ এই মন্তব্য সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ ৷ এক প্ৰেছ বিবৃতিত সদৌ অসম কোচ ৰাজবংশী যুৱ - ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে কয় যে বন্দুকৰ বলেৰে কোচ ৰাজবংশী অসংখ্য লোকক বিতাৰণ , বলপূৰ্বক ধন সংগ্ৰহ , বিভিন্ন ধৰণৰ উৎপীৰণৰ দ্বাৰা অৱশেষত বি টিচি লাভ কৰাৰ পিছত একাংশ বড়ো লোক বি টি এ ডি অঞ্চলত বৌদ্ধিক সন্ত্ৰাস চলাই কোচ ৰাজবংশী লোকসকলক  নিঃশেষ কৰি কোচ ৰাজবংশী সকলৰ গৃহভূমিতে অন্যায়ভাবে পুনৰ কেৱল বড়ো সকলৰ বাবে নতুন ৰাজনৈতিক ব্যবস্থা গঠনৰ কু -চক্ৰান্ত চলাই আছে ৷ ইয়াৰ অংশ হিচাপে বি পি এফ দলৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সংসদত, একাংশই ৰাজপথত আৰু দেওৰাও দেখ্ৰেব আদিৰ দৰে কিছুমানে তথ্য বিভ্ৰান্তি, মিথ্যাচাৰ তথা কোচ ৰাজবংশী সকলৰ ইতিহাস বিকৃতকৰণেৰে বৌদ্ধিক সন্ত্ৰাস চলাই কোচ ৰাজবংশী সকলক কৌশলপূৰ্ণ ভাবে বি টি এ ডিৰ পৰা বিতাৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ আনকি বৌদ্ধিক সন্ত্ৰাস চলাবলৈকে এইসকল বড়ো লোকে নাভূত-নাশ্ৰুত বক্তব্য প্ৰকাশ কৰে ৷ সেইদৰে কমতাপুৰ মুলুকত বড়োলেণ্ডৰ অস্তিত্বৰ দিবাস্বপ্ন দেখা পায় সেইসকল সন্ত্ৰাসী মনৰ নেতাই ৷ কোচ ৰাজবংশী সকলক বিটিএডিত অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পিছত বৰ্তমান ৰাজনৈতিক  ক্ষমতাৰে বলিয়ান হৈ দেওৰাও দেখ্ৰেব এণ্ড কোম্পানীয়ে এনে দুস্কাৰ্য কৰি আছে বুলি নেতাদ্বয়ে বিবৃতিটোত কয় ৷ লগতে আস্ফালনকে আকাট্য যুক্তি জ্ঞান কৰা এইসকল লোকৰ কমতাপুৰ ভূমিত বড়োলেণ্ডৰ ইতিহাস সাধু কথাহে বুলিও কয় যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি আৰু সাধাৰণ সম্পাদকে ৷ নেতাদ্বয়ে বিবৃতিটোত আৰু কয় যে ভূমিপুত্ৰ কোচ ৰাজবংশীকে ধৰি অন্যান্য অনাবড়ো লোকৰ ৰাজনৈতিক, অৰ্থনৈতিক , গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা বিটিচিৰ পুনৰীক্ষণৰ প্ৰয়োজন আছে ৷ সেয়ে জম্মু কাশ্মীৰত চলি থকা অনুচ্ছেদ ৩৭০ সংশোধন কৰাৰ দৰে কোচ ৰাজবংশী আৰু আন অনাবড়ো ৰাইজৰ সম অধিকাৰৰ স্বাৰ্থত বি টি চিৰ পুনৰীক্ষণৰ বাবেও চৰকাৰক নেতাদ্বয়ে দাবী জনায় ৷

Your Comments