১৪০ কিলোগ্রামৰ ওজনৰ বিৰাটকায় শৰীৰৰ কোন এইজন ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ?

rahkim

খেলুৱৈজনৰ ওজন ১৪০ কিলোগ্রাম।বয়স ২৬ বছৰ।ৱেষ্ট ইণ্ডিজৰ এই খেলুৱৈজন এতিয়া তেওঁৰ অত্যধিক ওজনৰ বাবেই চৰ্চিত হৈছে।খেলুৱৈজন হৈছে ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ৰহকিম কৰ্ণৱাল।কৰ্ণৱালক ভাৰতৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজে খেলিব লগীয়া দুখনীয়া টেষ্ট শৃংখলাৰ বাবে ৱেষ্ট ইণ্ডিজ দলত অন্তৰ্ভুক্ত কৰা হৈছে।খেলুৱৈজনে টেষ্ট শৃংখলাত উন্নত প্ৰদৰ্শন কৰিব বুলি মত প্ৰকাশ কৰিছে।


অৱশ্যে ৰহকিমৰ  বিৰাট শৰীৰ আৰু অত্যধিক ওজনে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁৰ প্ৰদৰ্শনৰ ওপৰত প্ৰভাৱ পেলাব পৰা নাই।ছয় ফুট ছয় ইঞ্চি উচ্চতাৰ এই খেলুৱৈজনে ৫৫ খন প্ৰথম শ্ৰেণীৰ মেছত ২৬০ টা উইকেট আৰু ২,২২৪ ৰাণ সংগ্ৰহ কৰিছে।

Your Comments