২০২১ত মাজুলীত অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন অনুস্থিত কৰাৰ সিদ্ধান্ত 

sahitya sava

ৰঞ্জিত তালুকদাৰৰ বিশেষ প্রতিবেদন :
অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনখন দুদিনীয়া কাৰ্যসূচীৰে নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত অনুস্থিত হয় | উক্ত কাৰ্যনিৰ্বাহক অধিৱেশনখনিত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ লগতে ২০২০ চনত অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক শুৱালকুছি অধিৱেশনৰ আনুষ্ঠানিক নিমন্ত্ৰণৰ পিছতে ২০২১ চনত হ’ব লগা অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন মাজুলীত অনুস্থিত কৰাৰ সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।ইয়াৰ লগে লগেই মাজুলী জিলা সাহিত্য সভাৰ সভাপতি-সম্পাদক, প্ৰতিনিধিবৰ্গ ক্ৰমে প্ৰভাত বৰা বুঢ়াভকত, ৰমেশ চন্দ্ৰ শইকীয়া, ৰামেশ্বৰ শইকীয়া,প্ৰফুল্ল বৰুৱা, মহিম চন্দ্ৰ নাথ, শংকুসিদ্ধ নাথ, উৎপল বৰা, ৰুণমণি শইকীয়া প্ৰমুখ্যে এটা সজাঁতি দ’লে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীদেৱৰ যোগেদি সুধী সাহিত্য সমাজক ৪১যোৰা তামোল-পান আগবঢ়াই সকলোৰে পৰা সফল প্ৰস্তুতিৰ আৰ্শীবাদ গ্ৰহণ কৰে| উক্ত প্ৰস্তাৱটি গ্ৰহণৰ পিছতে নাৰায়ণপুৰ কাৰ্যনিৰ্বাহক অধিৱেশনৰ লগতে সমগ্ৰ মাজুলীতে আনন্দৰ জোৱাৰ উঠিছে |

Your Comments