আজি জে ডি ইউত যোগ দিব প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই 

rp

নিউজ ডেস্ক :

দীৰ্ঘদিনীয়া অসন্তুষ্টিৰ অন্তত আজি বিজেপি ত্যাগ কৰি জে ডি ইউ দলত যোগদান কৰিব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই। দীৰ্ঘদিন ধৰি দলটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকি সংঘৰ পৰিয়ালৰ সৈতে সম্পৰ্ক ছেদ কৰি জ্যেষ্ঠ নেতা তথা তেজপুৰ সমষ্টিৰ প্ৰাক্তন সাংসদ গৰাকীয়ে আজি আনুষ্ঠানিক ভাৱে জে ডি ইউত যোগদান কৰিব বুলি জানিব পৰা গৈছে । দলটোৰ নতুন দিল্লীস্থিত  মুখ্যকাৰ্যলয়ত শনিবাৰে দিনৰ ১.৩০বজাত সাধাৰণ সম্পাদক কে চি ত্যাগীৰ উপস্থিত দলটোত যোগদান কৰিব প্ৰাক্তন বিজেপি সাংসদ গৰাকীয়ে।

উল্লেখ্য যে যোৱা লোকসভাৰ নিৰ্বাচনৰ আগৰ পৰাই দলীয় সিদ্ধান্তত অসন্তুষ্ট হৈ আৰ পি শৰ্মাই বিভিন্ন সময়ত বিভিন্ন মন্তব্য প্ৰকাশ কৰি আহিছিল।আনহে নালাগে লোকসভাৰ নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হৈ বিজেপিৰ পৰা পদত্যাগৰ কথা সংবাদ মেল পাতি ঘোষণা কৰিছিল।তাৰ পাছতে পুনৰ সেই পদত্যাগ উঠাই লৈ পুৰণি বিজেপিক একগোট কৰি নতুনকৈ বিজেপি দলক প্ৰতিষ্ঠা কৰিব বুলি সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছিল।

Your Comments