গোলাঘাট :
বহ্নিমান, ৰক্তবীজ আদি বহুকেইখন অসমীয়া বোলছবি উপহাৰ দিয়া বিশ্বজিৎ বৰাৰ পৰিচালনাৰে যোৱা ১০ আগষ্টৰ পৰা গোলাঘাটৰ আশে-পাশে চিত্ৰগ্ৰহণ আৰম্ভ হোৱা অসমৰ মাটীৰ গোন্ধ সমৃদ্ধ "লখিমী"ৰ এটা চৰিত্ৰত দেখা পোৱা যাব ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাক। গোলাঘাটৰ সাংস্কৃতিক ক্ষেত্ৰ খনত বিশেষভাৱে জড়িত মন্ত্ৰীজন পূৰ্বেও অসমীয়া বোলছবিত জড়িত হৈছিল। শুকুৰবাৰে মন্ত্ৰীজন দৃশ্যগ্ৰহণৰ উদ্দেশ্যে গোলাঘাটত উপস্থিত হৈ পৰিচালক বিশ্বজিৎ বৰাক লগ কৰি সবিশেষ বুজ ল'য়। জানিব পৰা মতে অহা ২০ আগষ্টৰ পৰা গোলাঘাটৰ আৱৰ্ত ভৱনত মন্ত্ৰী জনৰ ছুটিং আৰম্ভ হ'ব।
- Log in to post comments
- 16 views