বাৰেচহৰীয়া ভাওনাক বিশ্বদৰৱাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি মূখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালৰ

cm

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন :

ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাক বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিম ৷ বাৰেচহৰীয়া ভাওনাক দেশ বিদেশৰ পৰ্যটনৰ আৰ্কষণৰ কেন্দ্ৰ বিন্দু হোৱাকৈ গঢ়ি তোলাৰ প্ৰয়াস কৰিম ৷ বাৰেচহৰীয়া ভাওনাক কেন্দ্ৰ কৰি জামুগুৰিহাটৰ ৰাইজৰ মাজত গঢ়ি উঠা সমন্বয় সংস্কৃতি অসমৰ চাৰিওকোণে সিচঁৰিত হৈ পৰক ৷ এই মন্তৱ্য অসমৰ মূখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালৰ ৷ আজি জামুগুৰিহাটত বিশিষ্ট চিত্ৰ আৰু নৃত্য শিল্পী বৰ নটুৱা তথা প্ৰথম অসমীয়া কথা ছৱি জয়মতীৰ  কলা নিৰ্দ্দেশক, অভিনেতা বাৰেচহৰীয়া ভাওঁনাৰ আধুনিক ৰূপ দিওতা শোণিত কোঁৱৰ গজেন বৰুৱা বটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি মূখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক দক্ষিন পূৱ এছিয়াত ৪০ ৰ দশকতে চিনাকী কৰি দিয়াৰ পদক্ষেপ লৈছিল শোণিত কোৱঁৰ গজেন বৰুৱাই ৷

cm2 গজেন বৰুৱা অসমৰ ইতিহাসত ভোটা তৰা হৈ থাকিব বুলি মন্তৱ্য কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনৰ প্ৰাঙ্গঁণত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ সভাত অসমৰ মূখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালে শোণিত কোৱঁৰ গজেন বৰুৱা বটা প্ৰদান কৰে জামুগুৰিহাটৰ ডেকাসুন্দৰ গাওঁ নিৱাসী তথা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক, নাট্যকাৰ, পৰিচালক, অভিনেতা, সুবক্তা, সাহিত্যিক মঞ্চ প্ৰৱৰ ভৱেন বৰাক ৷ বটাঁ প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী নৱ দলে, সাংসদ পল্লৱ লোচন দাস, মূখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্ট হৃষিকেশ গোস্বামীয়ে বক্তৱ্য প্ৰদান কৰে ৷ সভাখনিত উপস্থিত থাকে বিধায়ক প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা, গনেশ লিম্বুকে ধৰি বহুকেইগৰাকী অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷ ২০১৬ বৰ্ষৰ পৰা অসম চৰকাৰে প্ৰদান কৰি অহা এই বটাঁত আছে দুইলাখ  টকা, অঙ্গবস্ত্ৰ, শৰাই আৰু সম্বৰ্দ্ধনা পত্ৰ ৷cm4

বটা প্ৰদান অনুষ্ঠানৰ পাচতেই মূখ্যমন্ত্ৰী গৰাকীয়ে কুসুমটোলাৰ বড়িগাঁওস্থিত বৰপুখুৰী কৃষিপাম পৰিভ্ৰমণ কৰে ৷ ১৬ বিঘা মাটিৰ পুখুৰী সহ হাহঁ, কুকুৰা, ছাগলী পোহ পালন কৰা ৩৩ বিঘা মাটিৰ কৃষিপামখন পৰিভ্ৰমণ কৰি অভিভূতহৈ পৰে মূখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল ৷ আনহাতে পূৱাৰ ভাগত মূখ্যমন্ত্ৰী গৰাকীয়ে চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘৰ পেক্ষা গৃহত সমষ্টিটোৰ দুই সহস্ৰাধিক আত্ম সহায়ক গোটৰ প্ৰতিনিধিৰে মত বিনিময় কৰে ৷ পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত সমষ্টিটোৰ ১৯খন পঞ্চায়তত গঠন কৰা দুই সহস্ৰাধিক আত্ম সহায়ক গোটৰ মাজত কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ উদ্দেশ্যৰে বিভিন্ন কৰ্ম আচঁনি যুগুত কৰাৰ বিষয়ে জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷ ইতিমধ্যে দুই সহস্ৰাধিক গোটলৈ বিশ কোটি টকা আৱণ্টন দিয়া বুলিও মন্তৱ্য কৰে বিধায়ক পদ্মই ৷ সমষ্টিটোৰ নিবনুৱা যুৱক যুৱতী সকলকলৈ কৰ্মসংস্কৃতিৰ সপোন দেখা বিধায়ক গৰাকীয়ে তেওঁৰ সপোন সম্পূৰ্ণ নহলে ৰাজনীতি জীৱন ত্যাগ কৰিব বুলিও মন্তব্য কৰে।গোটৰ সদস্য সকলৰে মত বিনিময়ৰ অন্তত মূখ্যমন্ত্ৰী গৰাকীয়ে চাৰিদুৱাৰস্থিত কন্যকা গামোছা আৰু জাতীয় সাজ-পাৰ উদ্যোগটো শুভ উদ্ধোধন কৰে৷ পাচঁ শতাধিক মহিলা জৰিতহৈ থকা উদ্যোগটি শুভ উদ্ধোধন কৰি তাতঁশালত ব্যস্ত শিপিনী সকলক প্ৰশংসা কৰাৰ লগতে এনে উদ্যোগে অসমীয়া জাতিক অধিক চহকী কৰি তুলিব বুলি মন্তৱ্য কৰে ৷মূখ্যমন্ত্ৰী গৰাকীয়ে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ পদক্ষেপক শলাগ লোৱাৰ লগতে তাতঁশালৰ উদ্যোগ আৰু দুই সহস্ৰাধিক গোটক সকলো ধৰণে সহায় সহযোগীতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

Your Comments