গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
গোলাঘাট প্ৰেছ ক্লাবৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অহা ১ ছেপ্তেম্বৰত গোলাঘাটত অনুষ্ঠিত হ'ব সাংবাদিক,সাহিত্যিক প্ৰয়াত কেশৱ শইকীয়া সোঁৱৰণি সদৌ অসম প্ৰাইজমানি মুকলি কুইজ প্ৰতিযোগিতা।অসমৰ জনপ্ৰিয় 'কুইজ মাষ্টাৰ', সাংবাদিক দীপাংকৰ কৌশিক আৰু দিলীপ শৰ্মাৰ পৰিচালনাত গোলাঘাট এমেচাৰ হলৰ প্ৰেক্ষাগৃহত আয়োজিত হ'বলগীয়া উক্ত কুইজ প্ৰতিযোগিতাত সাধাৰণ জ্ঞানৰ লগতে অসমৰ সংবাদ মাধ্যম সম্পৰ্কীয় ২০ শতাংশ প্ৰশ্ন সামৰি লোৱা হ'ব।প্ৰতিযোগিতাত অংশগ্ৰহণৰ কোনো মাচুল নাই।প্ৰতিটো দলত সৰ্বাধিক দুজন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব । বয়সৰ কোনো সীমাবদ্ধতা নাই।
গোলাঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কৌস্তুভমনি হাজৰিকাই এক বিবৃতিযোগে প্ৰকাশ কৰা মতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলক নগদ ১৩,০০০ টকা,মানপত্ৰ,ট্ৰফী,দ্বিতীয় শ্ৰেষ্ঠ দলক নগদ ৯,০০০ টকা,মানপত্ৰ,ট্ৰফী, তৃতীয় শ্ৰেষ্ঠ দলক নগদ ৭,ooo টকা,মানপত্ৰ ,ট্ৰফী আদি প্ৰদান কৰাৰ উপৰি অন্য তিনিটা 'ফাইনেলিষ্ট' দলকো নগদ ২,ooo টকা,মানপত্ৰ আগবঢ়োৱা হ’ব ৷ ১ ছেপ্তেম্বৰৰ পুৱা ১০-৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰতিযোগিতা সন্দৰ্ভত কৌস্তুভমনি হাজৰিকা, সাধাৰণ সম্পাদক,গোলাঘাট প্ৰেছ ক্লাব,দূৰভাষ নম্বৰ ৯৪৩৫২৩৩৯৩৭ত যোগাযোগ কৰিব পাৰিব।অসমৰ ইচ্ছুক প্ৰতিযোগীসকলক অংশগ্ৰহণ কৰি প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তুলিবলৈ বিবৃতিযোগে আহ্বান জনাইছে।
- Log in to post comments
- 48 views