গোলাঘাটত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সাংবাদিকক বাধা আৰক্ষী বিষয়াৰ : মুখ্যমন্ত্ৰীক অভিযোগ সাংবাদিকৰ

golaghat

গোলাঘাট  :

গোলাঘাটত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ সকলো কাৰ্যসূচী সুকলমে সম্পন্ন হৈ আহিছিল । কালিৰ দিনটোত গোলাঘাটৰ সম্বন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা পতাকা উত্তোলন কাৰ্যসূচীত পতাকা উত্তোলন কৰিছিল জিলা উপায়ুক্ত ধীৰেণ হাজৰিকাই। তেনে সময়তে গোলাঘাট জিলাৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰ নামৰ বিষয়া গৰাকীয়ে  জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা  সংবাদ কৰ্মী সকলক দুৰ্বব্যৱহাৰ  কৰাৰ অভিযোগ উত্থাপন হৈছে। অনুষ্ঠানটোত  বিশেষ অতিথিসকলৰ আগমণৰ লগে লগে ফ'টো সংগ্ৰহত সাংবাদিক সকলক বাধা প্ৰদান কৰাৰ লগতে উক্ত স্থানলৈ যোৱাতো বাধা দিয়ে। বিষয়াগৰাকীয়ে সাংবাদিক সকলক বাৰম্বাৰ সেই স্থানলৈ যোৱাত বাধা দিয়াত সাংবাদিক সকলৰ বাতৰি সংগ্ৰহত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে বিষয়াগৰাকীৰ তেনে অশোভনীয় আচৰণত সংবাদ মহলৰ মাজত  তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'য়।গণতন্ত্ৰৰ চতুৰ্থস্তম্ভক কৰা এনে ব্যৱহাৰৰ উচিত তদন্তৰ দাবী তোলে  গোলাঘাটৰ সংবাদ জগতে। ইতিমধ্যে বিষয়া গৰাকীৰ বিৰুদ্ধে অসন্তোষ্টি প্ৰকাশ কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ লিখিত অভিযোগ দিয়াৰ লগতে জিলা উপায়ুক্ত তথা জিলা আৰক্ষী অধীক্ষকক বিহিত ব্যৱস্থা লোৱাৰ  দাবী তোলে সাংবাদিক সকলে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও এই বিষয়াগৰাকীয়ে সংসদীয় নিৰ্বাচনৰ ভোট গণনা কেন্দ্ৰ বা মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীত বাতৰি সংগ্ৰহ কৰাত  সাংবাদিকক বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল।

Your Comments