জমিৰ উদ্দিন তালুকদাৰ, ডবকা :
দেশৰ ৭৩সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ডবকাৰ প্ৰতিষ্ঠিত সমাজসেৱী সংগঠন ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত ডবকা সুতাৰ গাওঁৰ ফৈয়াজ আলী চৌধুৰী খেলপথাৰত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা আৰু ক্ৰীড়া সামগ্ৰী বিতৰণৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ সমাজসেৱী সংগঠনটোৰ উদ্যোগত অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাত ডবকা সুতাৰগাওঁ এম ই মাদ্ৰাছা, ডবকা এম ই স্কুল, আব্দুল জলিল চৌধুৰী প্ৰি-ছিনিয়ৰ মাদ্ৰাছা, উদমাৰী এম ই স্কুল, এন আৰ আই পাব্লিক স্কুল, আজান শংকৰ একাডেমীকে ধৰি কেবাখনো বিদ্যালয়ৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ক্ৰীড়া প্ৰতিযোগিতাত অংশ লয় ৷ ৰছী টনা, কলহ ভঙা, হাই জাম্প, লং জাম্প, কুকুৰা যুঁজ, দৌৰ, বেজি-সুতা আদি প্ৰতিযোগিতাত অংশ লোৱা বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ পুৰষ্কাৰৰ লগতে ক্ৰীড়া সামগ্ৰী প্ৰদান কৰি উৎসাহিত কৰা হয় ৷ খেলবোৰ পৰিচালনা কৰে শিক্ষক ক্ৰমে আব্দুচ ছুবুৰ বৰভূঞা (হীৰা), আব্দুল খালিক লস্কৰ, মহি উদ্দিন, ফখৰ উদ্দিন, তাজ উদ্দিন বৰভূঞাকে ধৰি ফাতিমা ফাউণ্ডেছনৰ সক্ৰিয় কৰ্মী লুতফুৰ ৰহমান, আল হাচিব, হাৰু বৰভূঞাই ৷
খেলৰ শুভাৰম্ভ কৰে শিক্ষাবিদ বদৰুল ইছলাম বেগ আৰু সমাজকৰ্মী কৃষ্ণকান্ত দত্তই ৷ ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনৰ সভাপতি আব্দুল জলিল, সাধাৰণ সম্পাদক জাহানাৰা বেগমৰ উপস্থিতিত বিজয়ী ছাত্ৰ-ছাত্ৰীৰ হাতত পুৰস্কাৰ তুলি দিয়া হয় ৷ এনে ক্ৰীড়া প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীৰ মানসিক উত্তৰণত সহায় কৰিব বুলিও উপস্থিত বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰধানসকলে মন্তব্য কৰে ৷ ইপিনে, ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনৰ সভাপতি আব্দুল জলিলে আগন্তুক দিনত হোজাই জিলাত এই সংস্থাটিৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত কাম কৰি যোৱাৰ সংকল্পৰ কথা দোহাৰে ৷ স্বাধীনতা দিৱসৰ দিনা পুৱাৰ ভাগত সংস্থাটিৰ মুখ্য কাৰ্যালয় ডবকা পুৰাণ বজাৰত পতাকা উত্তোলন কৰে সাধাৰণ সম্পাদক জাহানাৰা বেগমে ৷ বিয়লি তিনি বজাত ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছন বনাম ফিলানট্ৰফি ক্লাবৰ মাজত এক প্ৰীতি ভলিবল খেলৰো আয়োজন কৰা হয় ৷ উক্ত খেলত ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনে বিজয় সাব্যস্ত কৰে ৷
- Log in to post comments
- 40 views