শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :
সমগ্ৰ দেশৰ লগতে আজি শিৱসাগৰতো উলহ মালহেৰে পালন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস। এই উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত চহৰৰ বৰ্ডিং খেল পথাৰত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে অসম চৰকাৰৰ পৰ্যটন, ভৈয়াম জনজাতি অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যান মন্ত্ৰী চন্দন ব্ৰহ্মই।
পতাকা উত্তোলনৰ পিছতেই আৰক্ষী , স্কাউট, গাইড আৰু গৃহৰক্ষী জোৱানৰ দ্বাৰা কুছ-কাৱাজ প্ৰদৰ্শন কৰা হয়। তাৰ পাছত কণ কণ ল'ৰা-ছোৱালীৰ মাজত বিভিন্নধৰণৰ খেল-ধেমালী অনুষ্ঠিত কৰা হয়। জিলা প্ৰশাসনে কাৰাগাৰৰ কয়দীসকলৰ মাজত, শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয়ত ৰোগী আৰু কৌমুদালয়ত ফলমূল বিতৰণ কৰে। বিয়লি জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা প্ৰবীণ খেলুৱৈ একাদশৰ মাজত এখনি প্ৰীতি ফুটবল খেল প্ৰতিযোগিতায়ো অনুষ্ঠিত হয়।
শিৱসাগৰ প্ৰেছ ক্লাৱতয়ো পুৱা ক্লাৱৰ সভাপতি, সম্পাদক তথা আন সাংবাদিকৰ উপস্থিতিত পতকা উত্তোলন কৰা হয়।
ঐক্য সেনা শিৱসাগৰ জিলা সমিতিৰ মুখ্য কাৰ্যালয়তয়ো পালন কৰা হয় স্বাধীনতা দিৱস। পুৱা জিলাখনৰ শতাধিক সদস্য সদস্যাৰ উপস্থিতিত পতাকা উত্তোলন কৰা হয়।
শিৱসাগৰ জিলা বিজেপি কাৰ্যালয়তো জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকোঁৱৰীয়ে পতাকা উত্তোলন কৰে। শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিয়েও ৰাজীৱ ভৱনত পতকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰে।
ইফালে 'হামৰাহী'ৰ উদ্যোগত চহৰৰ এ টি ৰোডস্থিত মিলন মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে 'হামৰাহী'ৰ উদ্যোগত কেইবা শতাধিক লোকে আনন্দ ফুৰ্টিৰে স্বাধীনতা দিৱস পালন কৰে।
আনহাতে দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসত এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰে শিৱসাগৰৰ অন্যতম স্বেচ্চাসেৱী সংগঠন 'ৰেচকিউ' ৱে। ৭৩ সংখ্যক স্বাধীনতা দিৱসত ৭৩ গৰাকী ব্যক্তিয়ে ৰেচকিউৰ উদ্যোগত ৰক্ত দান কৰে। চহৰৰ দ'লমুখ চাৰিআলিস্থিত জয়দয়াল খেমকা মাতৃ সদনত এই ৰক্তদান কাৰ্যসূচী দিনৰ ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ চলে।ৰক্তদাতা ৰাইজক উৎসাহিত কৰিবলৈ শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এচ লক্ষ্মণনে এই ৰক্তদান শিবিৰত ৰক্ত প্ৰদান কৰে।
শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ শিৱসাগৰ জিলা শাখাৰ শিশু আৰু আইমাতৃ কল্যান সমিতিৰ উদ্যোগত আৰু জিলা সেৱা বাহিনীৰ সহযোগত স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰোগী সকলৰ মাজত পুষ্টিকৰ খাদ্য, ফলমূল আদি বিতৰণ কৰে।
ইয়াৰোপৰি জিলাখনৰ সকলো চৰকাৰী বে চৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান, বিদ্যালয়-মহাবিদ্যালয়, ব্যক্তিগত আবাসগৃহত আদিতো পতাকা উত্তোলন কৰা হয়।
- Log in to post comments
- 26 views