বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
আজি বৰপেটা জিলাৰ বজালী মহকুমাৰ সৰুপেটাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ৭৩ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে পালন কৰা হয় । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সৰুপেটাবাসীৰ সহযোগত বিভিন্ন কাৰ্যসূচীও অনুষ্ঠিত কৰে।
আজিৰ কাৰ্য্যসূচীৰ আৰম্ভণিতে সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শান্তনা বৰাই পতাকা উত্তোলন কৰে আৰু তেওঁৰ বহুমূলীয়া ভাষণ ৰাখে । তাৰ পিছত সৰুপেটা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য ,গীত , কবিতা আবৃত্তি , কুইজ আদি বিভিন্ন প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি সমগ্ৰ অনুষ্ঠানটোকে জীপাল কৰি তোলে।
- Log in to post comments
- 11 views