বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন :
দেশে আজি ৭৩সংখ্যক স্বাধীনতা দিৱস উদ্যাপন কৰাৰ সময়তে নলবাৰী জিলাৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান মান্সীয়েও আজি স্বাধীনতা দিৱস উদ্যাপন কৰে। উল্লেখযোগ্য যে বায়ুপ্ৰদূষণে পৃথিৱীলৈ ভাবুকি কঢ়িয়াই অনাৰ প্ৰতি লক্ষ্য ৰাখিয়ে অনুষ্ঠানটোৱে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অঞ্চলটোৰ বিভিন্ন প্ৰান্তত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়।
জাতীয় পতাকা উত্তোলন কৰাৰ প্ৰাকক্ষণত অনুষ্ঠানটোত চলিথকা অসম চৰকাৰৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সম্বন্নয়ক সঞ্জয় দাসে স্বাধীনতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। পতাকা উত্তোলন আৰু বৃক্ষৰোপন কাৰ্যসূচীৰ সময়ত অনুষ্ঠানটোৰ সদস্য/সদস্যা সকলৰ উপৰিও শুভকাংশী সকল উপস্থিত থাকি অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তোলে।
- Log in to post comments
- 29 views