ভবানীপুৰ শংকৰদেৱ শিশু নিকেতনত স্বাধীনতা দিৱস উদযাপন 

vabanipur

বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন : 

বৰপেটা জিলাৰ বজালী মহকুমাৰ ভৱানীপুৰৰ এখন জনপ্ৰিয় শিক্ষানুষ্ঠান হ'ল শংকৰদেৱ শিশু নিকেতন, ভৱানীপুৰ । এই শিক্ষানুষ্ঠান খনতেই আজি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এখন কুইজ প্ৰতিযোগিতা।ৰাতিপুৱা ৭ বাজি ৪৫ মিনিটত বিদ্যালয়ৰ প্ৰধানাচাৰ্য্য মাননীয় শ্ৰীযুত গোপাল বায়ন দেবে পতাকা উত্তোলন কৰে আৰু তেওঁৰ বহুমূলীয়া ভাষণ আগবঢ়ায় ।

bajali4 ইয়াৰ পিছতেই আয়োজন কৰা হয় এই কুইজ প্ৰতিযোগিতাৰ।বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰসকলে আয়োজন কৰিছিল এই প্ৰতিযোগিতাৰ। বিদ্যালয়ৰ প্ৰধাননচাৰ্য্যই জানিবলৈ দিয়া মতে বিগত বছৰ সমূহতো বিদ্যালয় খনত এনেদৰে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে।

Your Comments