লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
সমগ্ৰ ভাৰতবৰ্ষতে আজি উলহ-মালহেৰে পালন কৰা হয় দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে টেঙাগুৰিস্থিত শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ে গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ। চিকিৎসালয়খনৰ তৰফৰ পৰা হাতীলৰোৱা পথাৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত পুৱা ১০ বজাৰ পৰা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি বন্যাকান্ত লোকসকলক চিকিৎসা সেৱা আগবঢ়ায়।ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতত শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক মনোজ মেধিৰ নেতৃত্বত চিকিৎসকৰ এটা দলে প্ৰায় পাঁচ শতাধিক বন্যাকান্ত লোকক জ্বৰ, পানীলগা, পেটৰ বেমাৰ আদিৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ আগবঢ়ায়। শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ৰ এনে পদক্ষেপৰ টেঙাগুৰি আঞ্চলিক আমছুৰ লগতে স্থানীয় লোকেও শলাগ লয়।
- Log in to post comments
- 76 views