সোণাৰিৰ পৰা ঘন বৰা
স্বাধীনতা দিৱসৰ দিনাই চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কানুবাৰী অঞ্চলত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়।জানিব পৰা মতে কানুবাৰীত স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা খেল-ধেমালি চাবলৈ চৰাইদেউ জিলাৰ পৰা যোৱা যুবকৰ দল এটাৰ সদস্য এজনক বিনা কাৰণত অৰুণাচলী যুৱক এজনে প্ৰহাৰ কৰে।যাৰ বাবে অসমৰ পৰা যোৱা দলটো ক্ষোভিত হৈ পৰাৰ লগতে তীব্ৰ বাক-বিতণ্ডাৰ উদ্ভৱ হয়। অৰুণাচলীয়ে প্ৰহাৰ কৰা অসমৰ চৰাইদেউ জিলাৰ পৰা যোৱা দলটোৰ যুৱকজন সাপেখাতিৰ আদিত্য গগৈ বুলি জানিব পৰা গৈছে।
আনহাতে,অসম-অৰুণাচল সীমান্তৰ কানুবাৰী গেটত বাতৰি লিখা পৰলৈকে তীব্ৰ উত্তেজনাই বিৰাজ কৰি থকাত চৰাইদেউ জিলাৰ উপায়ুক্ত,আৰক্ষী অধীক্ষক, অৰুণাচল প্ৰদেশৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে।
- Log in to post comments
- 16 views