সমগ্ৰ দেশৰ লগতে হোজাইতো ৭৩সংখ্যক স্বাধীনতা দিৱস পালন 

hojai

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে হোজাই জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস । হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস। শংকৰদেৱ নগৰৰ  কাছাৰী মৈদানত পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে হোজাই জিলাৰ উপায়ুক্ত তন্ময় প্ৰতিম বৰগোহাঁইয়ে। পতাকা উত্তোলন কৰি উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত পৰাধীন ভাৰতৰ শিকলি ছিঙি দেশৰ সৰ্বস্তৰৰ মানুহক স্বাধীনতাৰ সোৱাদ দিয়া দেশৰ স্বাধীনতা সংগ্ৰামী বীৰ শ্বহীদ সকলৰ আত্মত্যাগক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে দেশৰ অখণ্ডতা আৰু দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ হকে সীমান্তত প্ৰহৰী হৈ থকা বীৰ জোৱানসকললৈয়ো কৃতজ্ঞতা জ্ঞাপন কৰে ।hojai2


ভাষণ প্ৰদানৰ পিছতেই হোজাইৰ বিভিন্ন বিদ্যালয় ,মহাবিদ্যালয়,অসম আৰক্ষী ,এন চি চি আদিৰ অভিবাদন গ্ৰহণ কৰে।অন্যহাতে, স্বাধীনতা দিৱসৰ আন আন কাৰ্যসূচী সমূহৰ ভিতৰত বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যৰ লগতে সাংস্কৃতিক অনুষ্ঠান,বিভিন্ন বিভাগৰ দ্বাৰা অনুদান বিতৰণ ,বিভিন্ন চৰকাৰী বেচৰকাৰী সংস্থাৰ দ্বাৰা কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ মাজত ফলমূল বিতৰণ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

hojai3 স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি হোজাই জিলা প্ৰশাসনৰ উদ্যোগত কছাৰী মৈদামৰ কাষতে ৰাইজৰ বাবে এক সজাগতামূলক প্ৰদৰ্শনী অনুষ্ঠানৰো আয়োজন কৰে। স্বাধীনতা দিৱসৰ আজিৰ এই অনুষ্ঠানটোত প্ৰখৰ ৰ'দৰ বাবে কুচকাৱাজ অনুষ্ঠানত ভাগ লোৱা দুই এজন ছাত্ৰ মাটিত ধলি পৰে যদিও তেওঁলোকক ততাতৈয়াকৈ চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হয় |

Your Comments