বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন :
দেশৰ ৭৩সংখ্যক স্বাধীনতা দিৱস সমগ্ৰ দেশবাসীৰ লগতে দেশৰ চৰকাৰী বেচৰকাৰী সকলো খণ্ডতে উলহ মালহেৰে উদযাপন কৰি থকাৰ সময়তো ব্যতিক্ৰম হৈ ৰ'ল চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ বাহাৰঘাট শাখা। বেংকৰ শাখাটোত আজিৰ এনেহেন গুৰুত্বপূৰ্ণ দিন এটাটো জাতীয় পতাকা উত্তোলন নোহোৱাত অঞ্চলবাসী ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷উল্লেখ্য যে বেংকটোৱে প্ৰতিষ্ঠা কালৰ পৰাই গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসত জাতীয় পতাকা উত্তোলন কৰি আহিছিল যদিও দুৰ্ভাগ্যজনক ভাবে আজিৰ পৰা বিগত কেইবছৰমান ধৰি দুয়োটা দিৱসতে বেংকটোৱে দিৱস দুটাক অৱজ্ঞা কৰি পতাকা উত্তোলন কৰাৰ পৰা বিৰত আছে৷ এই ধাৰাকে অক্ষুন্ন ৰাখি আজিও তাৰে পুনাৰাবৃত্তি হোৱাত ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে স্থানীয় ৰাইজে বিষয়টোৰ এটা তদন্তৰ দাবী কৰিছে৷
- Log in to post comments
- 50 views