বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন :
৭৩ সংখ্যাক স্বাধীনতা দিৱসৰ লগত সংগতিৰাখি বিলাসীপাৰাৰ নায়েৰ আলগা উন্নয়ন খণ্ডত আজি পুৱা ৭:৩০ বজাত খণ্ড উন্নয়ন বিষয়া ৰৌশন আলীয়ে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে । ইয়াৰ পিছতেই নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ সভানেত্রী হাছিনা বেগমৰ লগতে পঞ্চায়ত আন আন সদস্য সকলে নায়েৰ আলগা উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ৰ চৌহদতে এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে। স্বাধীনতা দিৱসৰ আজিৰ এই কাৰ্য্যসূচীত নায়েৰ আলগা উন্নয়ন খণ্ড বিষয়া গৰাকীৰ উপৰি গাণনিক বিষয়া প্ৰদীপ কুমাৰ দাস , লুৎফুৰ ৰহমান, আব্দুল বাৰেককে ধৰি কাৰ্যালয়টোৰ প্ৰায় সকলো কৰ্মচাৰীয়েই উপস্থিত আছিল।
- Log in to post comments
- 6 views