বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
হিন্দু আৰু মুছলমানৰ সমন্বিত প্ৰচেষ্টাত এইবেলি প্ৰথম বৰ্ষৰ বাবে অহা ১৭ আগষ্টত উলহমালহেৰে বৰগাছা দুৰ্গা মণ্ডপ প্ৰাংগণত ঈদ সন্মিলনৰ আয়োজন কৰিছে৷ উল্লেখযোগ্য যে পূৰ্বৰে পৰা কামৰূপ আৰু নলবাৰী জিলাৰ সমন্বয়ৰ স্থলী বৰগাছাক কেন্দ্ৰ কৰি কামৰূপ জিলাৰ গৰমচুং আৰু নলবাৰী জিলাৰ বৰগাছাকে ধৰি অন্যান্য কেইবাখনো গাঁৱৰ হিন্দু মুছলমান মিলিত হৈ বিভিন্ন উৎসৱ পাৰ্বন উদযাপন কৰি আহিছে৷ শাক্ত পন্থী হিন্দুৰ দুৰ্গা পূজা, লক্ষ্মী পূজা আদিৰ লগতে বহুতো বাৰ্ষিক উৎসৱ পাৰ্বনত মুছলমানসকলৰ লোকে পৰিচালনা সমিতিৰ বিষয় বাব অলংকৃত কৰাৰ উপৰি ভোগ নৈবেদ্য ,আৰ্থিকদান আদি কৰি সমন্বয়ৰ নিদৰ্শন দেখুৱাই আহিছে৷ হিন্দুসকলেও মুছলমানৰ ৰোজা বা অন্য ব্ৰত অথবা উৎসৱত সকলো পৰ্যায়ৰ বৰঙণি আগবঢ়াই আহিছে৷ এইবেলিও ৰাইজৰ সমূহীয়া প্ৰচেষ্টাত ঈদ সন্মিলন উদযাপন কৰাৰ প্ৰয়াস কৰিছে৷ মনকৰিবলগীয়া যে স্থানীয় দুৰ্গা মণ্ডপ প্ৰাংগণত আয়োজিত উক্ত সন্মিলনৰ কাৰ্য্যসূচীৰ ভিতৰত পূৱা আঠ বজাত পতাকা উত্তোলন কৰাৰ পিচতে ক্ৰমে শ্বহীদ তৰ্পণ, বৃক্ষৰোপন, খেল-ধেমালি প্ৰতিযোগিতা, চাফাই অভিযান, আবেলি জিকিৰ প্ৰতিযোগিতা, সন্ধিয়া বিশিষ্ট ব্যক্তিৰ সম্বৰ্দ্ধনা, নীলাচল ডেঞ্চ গ্ৰুপৰ নৃত্য প্ৰদৰ্শন ,নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সুৰৰ এনিশা সাংস্কৃতিক অনুষ্ঠান৷ সন্মিলনৰ বাবে ইতিমধ্যেই জিয়াবুদ্দিন আহমেদক সভাপতি, গোপাল গোস্বামীক কাৰ্য্যকৰী সভাপতি, মতলেব আলী, তফজ্জুল হক, যোগেন তালুকদাৰ উপসভাপতি, জাহাঙ্গীৰ চৌধুৰী মুখ্য সম্পাদক, ৰুবুল চৌধুৰী সম্পাদক, শুক্লেশ্বৰ তালুকদাৰ, মজিবৰ ৰহমান(জিতু) আৰু ইয়াজৰুল আহমেদক সহসম্পাদক হিচাবে লৈ এখন উদযাপন সমিতি গঠন কৰিছে৷
- Log in to post comments
- 14 views