জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা
শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত নদুৱাৰ অঞ্চলৰ কণ্যকা দুগ্ধ ফাৰ্মৰ গৰুৰ গাখীৰক লৈ এতিয়া হেতা-ওপৰা সৃষ্টি হৈছে জামুগুৰিহাট, চতিয়া আৰু বিশ্বনাথত৷ একাংশ গোৱালা তথা গাখীৰ বিক্ৰেতাই যে সৰ্বসাধাৰণ ৰাইজক পানী মিহলোৱা ভেজাল গাখীৰ খুৱাই আহিছে সেই কথা সম্প্ৰতি প্ৰমাণ হৈছে জামুগুৰিহাট, চতিয়া বিশ্বনাথত৷ দীৰ্ঘদিন ধৰি উক্ত অঞ্চলসমুহত ব্যৱসায় কৰি অহা গোৱালাসকলৰ পৰা গৰুৰ গাখীৰ কিনাটো এতিয়া বন্ধ কৰিছে সাধাৰণ ৰাইজে৷ সম্প্ৰতি কোনো কোনো ঠাইত গোৱালে প্ৰতি লিটাৰ গৰুৰ গাখীৰ নিম্ন মূল্যত বিক্ৰী কৰিবলৈ বিচৰাৰ পাচতো ৰাইজে গাখীৰ ক্ৰয় কৰিবলৈ আগ্ৰহী হোৱা নাই। উল্লেখ্য যে জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা কন্যকা দুগ্ধ ফাৰ্মত উৎপাদিত গৰুৰ গাখীৰক লৈ এতিয়া ৰাইজৰ উৎসুকতা বৃদ্ধি পাইছে৷ এটুপিও পানী মিহলি নকৰা গৰুৰ গাখীৰ বিছাৰি এতিয়া গ্ৰাহক ৰাইজৰ মাজত হেতা-ওপৰা সৃষ্টি হৈছে জামুগুৰিহাট, চতিয়া আৰু বিশ্বনাথত৷ জামুগুৰিহাটৰ চামধৰাস্থিত কণ্যকা দুগ্ধ ফ্ৰামৰ পৰা প্ৰতিদিনাই পূৱা বাৰশ লিটাৰৰো অধিক গৰুৰ গাখীৰ জামুগুৰি, চতিয়া আৰু বিশ্বনাথৰ বজাৰত গ্ৰাহক ৰাইজৰ বাৱে মুকলি কৰি দিয়া হয়৷ প্ৰতি লিটাৰ গাখীৰত ৫০ টকাকৈ মূল্য নিৰ্দ্ধাৰণ কৰি দিয়া এই গৰু গাখীৰ ক্ৰয় কৰিবলৈ পূৱা ৬বজাৰ পৰা ৯ বজা পৰ্যন্ত ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হয়৷ মনকৰিবলগীয়া যে চতিয়া সমষ্টিৰ অন্তৰ্গত চামধৰাৰ প্ৰায় ডেৰশ বিঘা মাটিক সামৰি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ২০১৬ চনত স্থাপন কৰে এই কন্যকা দুগ্ধ ফাৰ্ম৷ দুই শতাধিক অষ্টেলিয়ান গাই গৰুৰে আৰম্ভ কৰা এই দুগ্ধ ফাৰ্মত এতিয়া উৎপাদন হয় বাৰশ লিটাৰৰো অধিক গাখীৰৰ লগতে দৈ, ক্ৰীম, ঘি আৰু পনিৰ৷ পূৱাবেলা কেঁচা গাখীৰ আৰু বিয়লি বেলা গাখীৰৰে দৈ, ক্ৰীম, পনিৰ আৰু ঘি তৈয়াৰ কৰা হয় বুলি জানিবলৈ দিয়ে ফাৰ্মখনৰ মুখ্য কৰ্মচাৰী গনেশ হালৈ আৰু লক্ষ্মী নাৰায়ণ ছেত্ৰীয়ে ৷ অহা ডিচেম্বৰত কন্যকা দুগ্ধ ফাৰ্মলৈ আৰু এশ অষ্টেলিয়ান গাঁই গৰু পোহ-পালনৰ বাৱে অনাৰ ব্যৱস্থা কৰাৰ লগতে ফাৰ্মখন পৰিচালনাৰ বাৱে দহ গৰাকী শিক্ষিত যুৱকক উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা বুলি মন্তৱ্য কৰে ফাৰ্মখনৰ সঞ্চালক তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ বিধায়কগৰাকীয়ে কয়, অকল গৰুৰ গাখীৰেই নহয়, এই উৎপাদিত গৰুৰ গাখীৰৰ পৰা উন্নত মানদণ্ডৰৰ সুস্বাদু মিঠাই তৈয়াৰ কৰি সেই মিঠাইৰ লগতে গাখীৰৰ অন্যান্য খাদ্যসামগ্ৰীৰ বিপনীৰ কাৰণে কুসুমটোলাত এটি অত্যাধুনিক তথা বিজ্ঞান সন্মত শীতলীকৰণ গৃহও নিৰ্মাণ কৰা হৈছে৷ মিঠাই তৈয়াৰ কৰিবলৈ বহিঃৰাজ্যৰ পৰা প্ৰশিক্ষিত কৰ্মচাৰী নিয়োগৰো ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে বিধায়ক পদ্মই৷ অকল গৰুৰ গাখীৰেই নহয়, মাছ আৰু মাংসৰ বৃহৎ বজাৰখন থলুৱা নিবনুৱাসকলৰ হাতত তুলি দিব পৰাকৈ মই বিভিন্ন পৰিকল্পনা যুগুত কৰিছো৷ ইতিমধ্যে দুইহেজাৰ বিঘা মাটিৰে আবৰা কন্যকা বহুমুখী কৃষি পামত মাছ পালনৰ উদ্দেশ্যে প্ৰায় এশটা বৃহৎ পুখুৰী খন্দাৰ লগতে ছাগলী, গাহৰী আৰু হাহঁ কুকুৰা ফাৰ্ম তৈয়াৰ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷ এনে কৰ্মত সমষ্টিটোৰ সহস্ৰাধিক নিবনুৱা সংস্থাপিত হ’ব বুলিও মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷
- Log in to post comments
- 45 views