নগাঁৱত আত্মীয়ৰ শিপা বিচাৰি উলিয়ালে বাংলাদেশৰ মমতাজ আখতাৰে : আদি পুৰুষৰ সন্ধান লাভ

root

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

নগাঁৱত আত্মীয়ৰ শিপা বিচাৰি উলিয়ালে বাংলাদেশৰ মমতাজ আখতাৰ নামৰ এগৰাকী শিক্ষিত মহিলাই। এটা ফেচবুক প'ষ্টৰ পৰাই আদি পুৰুষৰ শিপাৰ পম খেদি নিজৰ স্বামীক লগত লৈ নগাঁও পালেহি বাংলাদেশৰ সুনামগঞ্জৰ চেম্বাৰ্ছ অফ কমাৰ্চৰ তথ্য-প্ৰযুক্তি বিভাগৰ বিষয়াগৰাকী। বাংলাদেশতেই জন্মগ্ৰহণ কৰা এইগৰাকী মহিলাই ককাদেউতাকৰ মুখত শুনিছিল নগাঁৱৰ 'ৰাঙলু' নামৰ ঠাইখনৰ কথা। তেতিয়াৰ পৰাই মমতাজ আখতাৰে গণ মাধ্যমৰ সহায়ত আৰম্ভ কৰিছিল আদি পুৰুষৰ সন্ধানত অভিযান। নগাঁও চহৰৰ এলফিনষ্টন চাৰিআলিৰ মহম্মদ ছবিৰ খান নামৰ এগৰাকী লোকে কিছুদিন পূৰ্বে ফেচবুকত আপলোড কৰিছিল ৰাঙলু বিষয়ক এটা প'ষ্ট। ছবিৰ খানৰ এই প'ষ্টটোৰ সহায়তেই এতিয়া নগাঁৱত মমতাজ আখতাৰে বিচাৰি পালে নিজৰ হেৰুওৱা ঐতিহ্য। লাভ কৰিলে আদি পুৰুষৰ সন্ধান। নগাঁৱৰ ফেচবুকৰ বন্ধু ছবিৰ খানৰ ঘৰতেই মমতাজ আখতাৰে কথা পাতিলে ৰাঙলুত থকা পেহীয়েকৰ পৰিয়ালটোৰ সৈতে। ইফালে অসম তথা নগাঁৱত উপস্থিত হৈয়ে বাংলাদেশৰ সুনামগঞ্জৰ বোৱাৰী মমতাজ আখতাৰে পৰিধান কৰা দেখা গ'ল অসমীয়া সাজ-পাৰ। সোমবাৰে নগাঁওলৈ অহাৰ পাছত মংগলবাৰে মমতাজ উপস্থিত হয় নগাঁৱৰ ৰাঙলুত। ৰাঙলুত পেহীয়েকৰ আত্মীয়ক লগ কৰাৰ পাছত কামপুৰৰ টকৌডুবিত থকা পিতৃগৃহৰ আত্মীয়ক লগ কৰে। কামপুৰ আৰু ৰাঙলুৰ আত্মীয়ক লাভ কৰি আবেগিক হৈ পৰে মমতাজ।

Your Comments