ধিঙত 'একতাৰ দৌৰ'ত বিধায়িকা আঙুৰলতা-অভিনেতা ৰবি শৰ্মা

run

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা

 

দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মঙলবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ধিং টাউন মণ্ডল আৰু ধিং ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত 'একতাৰ দৌৰ'ৰ আয়োজন কৰা হয়।ধিং ষ্টেডিয়ামৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ অনুষ্ঠিত এই দৌৰৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা আৰু জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই।


ভাষণ প্ৰসংগত ৰবি শৰ্মাই কয় যে আজিৰ এই একতা দৌৰৰ জৰিয়তে আমি অসমবাসী ৰাইজ জাতি,বৰ্ণ,ধৰ্ম নিৰ্বিশেষে একগোট হৈ থাকি দেশখন প্ৰগতিৰ পথত আৰু আগুৱাই লৈ যাব লাগিব।'ধিং এক্সপ্ৰেছ'খ্যাত হিমা দাসৰ পিতৃ ৰঞ্জিত দাস উপস্থিত থকা অনুষ্ঠানত জনপ্ৰিয় অভিনেতাগৰাকীয়ে আৰু কয় যে সদায় আমাৰ দায়িত্ববোধ প্ৰতিবাদৰ মাজতেই শেষ হৈ যায় । এইবাৰ প্ৰতিবাদৰ পৰা কাৰ্যক্ষম হ'ব বুলি ভাবিছোঁ । চল্লিশ বছৰে সমাধান নোহোৱা 'চলচ্চিত্ৰ নীতি'এইবাৰ পাছ হৈ আহিল। গতিকে মই আশাবাদী।এই চৰকাৰৰ দিনত আমাৰ এক সুন্দৰ ভৱিষ্যৎ আছে । ভাৰতীয় জনতা পাৰ্টীৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা 'একতাৰ দৌৰ'ৰ আৰম্ভণিতে ধিং মিনি ষ্টেডিয়ামৰ এটা নতুন
ভৱনৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা আঙুৰলতা ডেকাই ।

Your Comments