গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
অৱশেষত যোগ্যজনে পালে চৰকাৰী স্বীকৃতি।১৯৬৯ আৰু ১৯৭০ চনত দুবাৰকৈ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ হাই জাম্পত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা গোলাঘাট জিলাৰ কমাৰবন্ধা অঞ্চলৰ বাম গোহাঁই গাঁৱৰ সুদক্ষ এথেলেটিকছ খেলুৱৈ ৭৩ বছৰ গৰকা দুৰ্গাৰাম বৰাই লাভ কৰিলে চৰকাৰী ক্ৰীড়া পেঞ্চন।ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অনন্য অৱদানৰ পিছতো এই দক্ষ খেলুৱৈজন সুদীৰ্ঘ সময় বঞ্চিত হৈ আছিল চৰকাৰী সুবিধাৰ পৰা।অৱশ্যে,২০০৯ বৰ্ষত এটি এককালীন সাহায্য লাভ কৰাৰ কথা কয় প্ৰাক্তন খেলুৱৈগৰাকীয়ে।
এটা অসুখৰ বাবে খেলপথাৰ ত্যাগ কৰিবলৈ বাধ্য হোৱা বৰাই জীৱনৰ বহু সময় আৰ্থিকভাৱে যথেষ্ট কষ্ট স্বীকাৰ কৰি আহিছিল আৰু বৰ্তমান কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত অতি সাধাৰণভাৱে পাণ- তামোলৰ দোকান দি জীৱন নিৰ্বাহ কৰি আহিছে। উল্লেখযোগ্য যে,খেলুৱৈ জীৱনত কোনো উচ্চ প্ৰশিক্ষণ নোপোৱাকৈ কেৱল নিজা প্ৰচেষ্টাৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ হাই জাম্পত দুবাৰকৈ সোণ বুটলা বৰাই নিজা অঞ্চলৰ কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতে অনুশীলন কৰিছিল।
দুৰ্গাৰাম বৰাৰ ত্যাগৰ স্বীকৃতি দি এইবেলি ৰাজ্য চৰকাৰে তেওঁলৈ আগবঢ়োৱা ক্ৰীড়া পেঞ্চনত অতিকৈ সুখী বুলি মত ব্যক্ত কৰাৰ লগতে সুদীৰ্ঘ সময় এই সুবিধাৰ পৰা বঞ্চিত হৈ থাকিও কোনো আক্ষেপ নাই বুলি সৰলতাৰে মনৰ ভাব প্ৰকাশ কৰে।হয়তো বৰালৈ আগবঢ়োৱা এই সহায়ৰ বাবে তেওঁতকৈ বৃহৎ কমাৰবন্ধাবাসীয়ে অধিক আনন্দ পাইছে।যোগ্যজনলৈ যোগ্য সন্মান আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছে গোলাঘাট চহৰৰ ক্ৰীড়াপ্ৰেমীৰ লগতে কমাৰবন্ধা অঞ্চলৰ সমূহ ৰাইজে।
- Log in to post comments
- 170 views