১১ বছৰে সন্ধানহীন  নগাঁৱৰ ছোট কন্দলীৰ যুৱক বিমল নাথ 

bimal

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

সুদীৰ্ঘ ১১ বছৰ ধৰি সন্ধান নাই নগাঁও জিলাৰ ২ নং ছোট কন্দলীৰ এজন যুৱকৰ। সন্ধানহীন যুৱকজন হৈছে প্ৰয়াত প্ৰৰেন্দ্ৰ নাথ আৰু প্ৰয়াত বিনু দেৱীৰ পুত্ৰ বিমল নাথ । পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, ২০০৮ চনত বিমলে নগাঁৱৰ কঠিয়াতলীৰ ব্যৱসায়ী অনিল দত্তৰ দোকানত কৰ্মচাৰীৰূপে কৰ্ম সম্পাদন কৰাৰ পিছত ১২ ডিচেম্বৰৰ দিনা হঠাৎ নিৰুদ্দেশ হয়।পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিছিল যদিও বিমলৰ কোনো শুংসূত্ৰ নোলোৱাত উপায়হীন হৈ কঠিয়াতলী আৰক্ষীৰ কাষ চাপে যদিও বিগত এঘাৰটা বছৰে যুৱকজনৰ সন্ধান নোলাল।উল্লেখ্য যে,অলপতে বিমলৰ পিতৃ-মাতৃ,দুয়োৰে মৃত্যু ঘটিছে।বিমল সু-শৰীৰেৰে ঘৰলৈ ঘূৰি আহিব বুলি আজিও আশাৰে বাট চাই ৰৈছে জ্যেষ্ঠ ভ্ৰাতৃ অমল নাথ।

Your Comments