মান্’সীৰ উদ্যোগত চাফাই অভিযান

safai

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

আসন্ন ৭৩তম স্বাধীনতা দিৱস উপলক্ষে বেচৰকাৰী সংস্থা মান্সীৰ উদ্যোগত জনস্বাস্থ্য কাৰিকৰী বিভাগ নলবাৰী সংমণ্ডলৰ জিলা পানী আৰু অনাময় সমিতিৰ সহযোগত আজি বাহাৰঘাট চ’কত চাফাই অভিযান কাৰ্য্যসূচী ৰূপায়িত কৰে৷ প্ৰধানমন্ত্ৰী স্বচ্ছ ভাৰত মিচন(গ্ৰামীন)ৰ অন্তৰ্ভূক্ত উক্ত কাৰ্য্যসূচীত ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা, মান্সীৰ কাৰ্য্যকৰী সভাপতি ফণীনাথ লহকৰ, জিলা পানী আৰু অনাময় সমিতিৰ ক্লাচটাৰ ৰিচোৰ্জ কো-অৰ্ডিনেটৰ শৈলেন বল্লভ শৰ্মা, স্থানীয় সমাজসেৱী হৰকান্ত লহকৰ, নৃপেন লহকৰ, নিবাৰণ কলিতা, দ্বীজেন লহকৰ, ভবেশ পাটোৱাৰী ,মানসীৰ কৰ্মকৰ্তাসকলৰ লগতে বহুতো যুৱ কৰ্মীয়ে সহযোগ কৰে৷

Your Comments