বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
ৰঙিয়া মহকুমাৰ কঞাঁ আৰক্ষী থানাৰ অন্তৰ্গত ধূহিবালাত শোকৰ বন্যা। ঈদৰ দিনাই দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালি ল’লে পিতৃ, মাতৃ একমাত্ৰ একমাত্ৰ পুত্ৰই। এই মৰ্মান্তিক ঘটনাৰ বাবে হাজোৰ ধূহিবালাত কান্দোনৰ ৰোল উঠিছে। উল্লেখ্য যে ভিআইপি-আজাৰাত কৰ্মৰত ধুহিবালাৰ নুৰ মহম্মদে ঈদৰ বাবে নিজ গৃহলৈ পত্নী জিলিমা বেগম আৰু পুত্ৰ চাহিল আহমেদক লৈ বাইকেৰে ঘৰলৈ আহি থাকোতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালি লয়। পিছ ফালৰ পৰা কোনো অচিনাকি বাহনে খুণ্দিয়াই এই দুৰ্ঘটনা সংঘটিত কৰে।
- Log in to post comments
- 99 views