বঙাইগাঁৱৰ প্ৰতিবেদক
চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত আনন্দবজাৰত দেওবাৰে নিশা বিজনী আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰে৷ জানিব পৰা মতে, বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত আৰক্ষীৰ দলটিয়ে আনন্দবজাৰৰ সুজিৎ দাসৰ গেলামালৰ দোকানত চলোৱা অভিযানত এই অবৈধ সুৰাখিনি জব্দ হয়। আৰক্ষীয়ে দোকানখনৰ পৰা ৫৬ কাৰ্টন অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে দোকানখনৰ স্বত্বাধিকাৰী তথা অবৈধ সুৰা ব্যৱসায়ী সুজিৎ দাস পলাই সাৰিবলৈ সক্ষম হয়। জব্দ কৰা সুৰাখিনিৰ মূল্য ডেৰ লক্ষাধিক টকা হ'ব। আৰক্ষীয়ে পিছত বাজেয়াপ্ত কৰা সুৰাখিনি বিজনী থানালৈ লৈ আহে। উল্লেখ্য যে দোকানখনৰ স্বত্বাধিকাৰী সুজিৎ দাসে দীৰ্ঘদিনৰে পৰা নিজৰ গেলামাল দোকানত বিলাতী সুৰাৰ অবৈধ বেহা চলাই আহিছিল । সম্প্ৰতি সুজিৎ দাস পলাতক অৱস্থাত আছে।
- Log in to post comments
- 11 views