বঙাইগাঁৱৰ প্ৰতিবেদক
সমগ্ৰ বিশ্ব তথা ভাৰতবৰ্ষৰ লগতে সোমবাৰে বঙাইগাঁৱতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল আজহা পালন কৰে ৷ এই উপলক্ষে পুৱা ইছলাম ধৰ্মৰ লোকসকলে ঈদ উল আজহাৰ সমূহীয়া নামাজ আদায় কৰে। বঙাইগাঁও চহৰৰ ঈদগাহ ময়দানত পুৱা ৮ বজাত লোকসকলে সমূহীয়াভাৱে ঈদ উল আজহাৰ নামাজ আদায় কৰে। এই ঈদ উল আজহাৰ নামাজৰ ইমামতি কৰে মৌলানা হাছান আলীয়ে। ঈদৰ নামাজত চহৰখনৰ কেইবা হেজাৰো ইছলাম ধৰ্মাৱলম্বী লোকে সমূহীয়াকৈ অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। নামাজৰ অন্তত মৌলানা হাছান আলীয়ে খুতবা পাঠত হজৰ তাৎপর্য, কোৰবাণীৰ ওপৰত বিতং ব্যাখ্যা আগবঢ়ায়। লগতে ইমাম মৌলানা আলীয়ে অসম তথা ভাৰতবৰ্ষৰ একাধিক জাতি জনগোষ্ঠীৰ মাজত সমন্বয়-ভাতৃত্ববোধ স্থাপনৰ উপৰি বিশ্ব শান্তিৰ বাবে দোৱা কৰে।
- Log in to post comments
- 16 views